/asomiyapratidin/media/media_files/2025/04/09/wBZI4iDFDuFesSNKJsoJ.jpg)
তিনিগুণ দামত বিক্ৰী হ’ব আইফোন
ডিজিটেল ডেস্ক: আইফোন ক্ৰয় কৰিম বুলি ভাবিছে নেকি? যদি ব'হাগতে এটা আইফোন কিনাৰ কথা ভাবিছিল তেনে আপোনাৰ বাবে বেয়া খবৰ। এতিয়াৰে পৰা তিনিগুণ পৰ্যন্ত বাঢ়িব আইফোনৰ মূল্য। ড’নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বাবে সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে বেমেজালিৰ। বিশেষকৈ চীন আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক যুদ্ধই বহু ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাইছে। যাৰবাবে এতিয়া পৰা ইয়াৰ প্ৰভাৱ আইফোনৰ দামতো পৰা দেখা গৈছে।
ৱেডবুছ ছিকিউৰিটিজৰ গ্ল’বেল টেকন’লজি ৰিচাৰ্চ হেড ডেন আইভছত প্ৰকাশ পাইছে এই তথ্য। সেই অনুসৰি যদি আইফোনৰ উৎপাদন আমেৰিকাত আৰম্ভ হয়, তেন্তে ইয়াৰ মূল্য প্ৰায় ৩৫০০ ডলাৰ (প্ৰায় ৩.৫ লাখ টকা) হ’ব পাৰে, যিটো বৰ্তমানৰ মূল্যতকৈ তিনিগুণ বেছি। আইফোন ব্যয়বহুল হোৱাৰ আঁৰৰ মূল কাৰণটো হ’ল আমেৰিকাত উৎপাদন ব্যয় বৃদ্ধি। আইভছৰ মতে, এপলে আমেৰিকাত এছিয়াত বৰ্তমানৰ যোগান শৃংখলৰ প্ৰতিলিপি কৰিবলৈ প্ৰায় ৩০ বিলিয়ন ডলাৰ খৰছ কৰিব আৰু মাত্ৰ ১০ শতাংশ উৎপাদন স্থানান্তৰিত কৰিবলৈ তিনি বছৰ লাগিব।
বৰ্তমান আইফোনৰ কম্পোনেণ্ট টাইৱান, দক্ষিণ কোৰিয়া আৰু চীনত নিৰ্মিত হোৱাৰ বিপৰীতে ৯০ শতাংশ আইফোন চীনত একত্ৰিত কৰা হয়। এনে পৰিস্থিতিত এই দেশসমূহৰ ওপৰত আমেৰিকাই জাপি দিয়া শুল্ক আৰু বাণিজ্য ব্যৱধানৰ বাবে আইফোনৰ দাম প্ৰভাৱিত হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us