/asomiyapratidin/media/media_files/2025/09/11/new-ap-web-6-11-2025-09-11-11-04-52.jpg)
ডিজিটেল ডেস্কঃ বিশ্ববিখ্যাত টেকন’লজি সংস্থা এপ্লৰ আকৰ্ষণীয় স্মাৰ্টফোন আইফোনে ভাৰতত নতুন ইতিহাস লিখাৰ দিশে আগবাঢ়িছে। ভাৰতৰ সৰ্ববৃহৎ উৎপাদন কাৰখানা ফক্সকনৰ বেংগালুৰু প্লাণ্টত আইফোন ১৭ উৎপাদন আৰম্ভ হৈছে।
তামিলনাডুৰ অৰুগডামস্থিত ফক্সকন কাৰখানাত আৰম্ভ হোৱা এই বৃহৎ উৎপাদনক ভাৰতীয় উৎপাদন খণ্ডৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি বিশ্লেষকসকলে উল্লেখ কৰিছে। ইয়াৰ ফলত ভাৰত বিশ্বজুৰি আইফোনৰ এটা গুৰুত্বপূর্ণ উৎপাদক দেশ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ দিশে আগুৱাই গৈছে।
এপ্লে জনোৱা অনুসৰি, চীনৰ বাহিৰত ইয়াৰ দ্বিতীয় বৃহত্তম কাৰখানাটো বেংগালুৰুৰ সমীপৰ দেৱনাহল্লীত নিৰ্মাণ কৰা হৈছে, য’ত প্ৰায় ২.৮ বিলিয়ন ডলাৰ বিনিয়োগ কৰা হৈছে ।ভাৰতত উৎপাদিত আইফোন দেশীয় বজাৰৰ উপৰিও বিদেশলৈ ৰপ্তানি কৰা হ’ব।
ইয়াৰ ফলত কোটি কোটি টকাৰ বৈদেশিক মুদ্ৰা আহৰণৰ লগতে লাখো কৰ্মসংস্থান সৃষ্টিৰ আশা প্ৰকাশ কৰা হৈছে। গৱেষণা সংস্থা কেনালিছৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল-জুন মাহত আমেৰিকালৈ আমদানি কৰা মেড-ইন-ইণ্ডিয়া স্মাৰ্টফোনৰ অংশ আছিল ৪৪% ।
বিশেষজ্ঞসকলে কয়, এই পদক্ষেপে "মেক ইন ইণ্ডিয়া" অভিযানক শক্তিশালী কৰাৰ লগতে গ্ল’বেল সাপ্লাই চেইনত ভাৰতৰ অৱস্থান আৰু দৃঢ় কৰি তুলিব।