/asomiyapratidin/media/media_files/2025/07/18/429-2025-07-18-10-59-23.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ধলাইবিল ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক আমন্ত্ৰণমূলক চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। উত্তৰ জামুগুৰি হাইস্কুল খেলপথাৰত কালি বিয়লি ৩-৩০ বজাত প্ৰতিযোগিতাৰ প্ৰথম খেলখন অনুষ্ঠিত হয় টৌভঙা ফুটবল দল আৰু চেঙামাৰী ফুটবল দলৰ মাজত।
প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে টুপিয়া পাচগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা অৱসৰী কৃতি শিক্ষক নিতুমনি বৰাই। উদ্যোক্তাসকলে জনোৱা মতে প্ৰতিযোগিতাখনিত ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিছে ।
কালি লীগৰ তুমুল উত্তেজনাপূৰ্ণ প্ৰথম খেলৰ প্ৰথমাৰ্দ্ধত গল শূন্যভাৱে শেষ হয় যদিও দ্বিতীয়াৰ্দ্ধৰ ১৭ মিনিটৰ পিছতে চেঙামাৰী ফুটবল দলে টৌভঙা ফুটবল দলক ১ গল প্ৰদান কৰে ।
ইয়াৰ বিপৰীতে টৌভঙাই সমতা স্থাপন কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও খেলখন অন্ত পৰিবলৈ ৬ মিনিট থকা অৱস্থাত চেঙামাৰী ফুটবল দলে টৌভঙাক দ্বিতীয়টো গল প্ৰদান কৰে । অৱশেষত টৌভঙা ফুটবল দলে ২-০ গলৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় ।
আনহাতে শুকুৰবাৰে বিয়লি ৩-৩০ বজাত বৰমতা ফুটবল একাদশ আৰু দিকৰাই চাহ বাগিচা ফুটবল একাদশৰ মাজত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল ।