/asomiyapratidin/media/media_files/2025/07/31/vbgbhbb-2025-07-31-13-24-14.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ দুৰ্নীতি অনিয়ম ভ্ৰষ্টাচাৰৰ অন্যতম ভূস্বৰ্গ আদৰ্শ বিদ্যালয় ঘিলামৰাকলৈ মোহভংগ ঘটিছে ঘিলামৰাবাসীৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ ইংৰাজী মাধ্যমৰ এইখন বিদ্যালয়ক অধ্যক্ষ লক্ষজিৎ হাজৰিকাই পৈত্রিক সম্পত্তি গণ্য কৰি চলোৱা সীমাহীন দুৰ্নীতি অনিয়মৰ পৰিপ্ৰেক্ষিতত বিতুষ্ট শিক্ষাসদী আৰু একাংশ সামাজিক সংগঠন।
বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ পুঁজিৰ পৰা বিদ্যালয় উন্নয়ন পুঁজিলৈ, শিক্ষাৰ্থীৰ ক্ৰীড়াৰ সামগ্ৰীৰ পুঁজিৰ পৰা বাদ্যযন্ত্ৰৰ পুঁজিলৈ সকলোতে বিত্তীয় কেলেংকাৰী সৃষ্টি কৰি সংঘটিত কৰা পৰ্বতসম অপকৰ্মৰ বাবে যোৱা এপ্ৰিল মাহৰ পৰা চলিত মাহ পৰ্যন্ত অদক্ষ অধ্যক্ষ হাজৰিকাৰ লগতে গাণনিক অজিত ৰয় আৰু নিম্নবৰ্গৰ কৰ্মচাৰী হেমন্ত কুমাৰ চুব্ৰাৰ বেতন বন্ধ কৰি থৈছে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ সঞ্চালকৰ কাৰ্যালয়ে।
কেৱল "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ধাৰাবাহিক ভাবে প্ৰকাশ হোৱা তথ্য সমৃদ্ধ বাতৰিৰ বাবে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ পৰিচালন সঞ্চালকে উচ্চস্তৰীয় তদন্ত কৰিছিল বিদ্যালয়খনৰ বিত্তীয় অনিয়ম সন্দৰ্ভত। আদৰ্শ বিদ্যালয় সংগঠন অসমৰ নীতি নিয়মেৰে নহয়, দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ হাজৰিকাৰ সৰ্বগ্ৰাসী নীতিৰেহে পৰিচালিত কৰি বিদ্যালয়খন। ঘিলামৰাৰ সুনামত কালিমা সনা লক্ষজিৎ হাজৰিকাৰ এনে স্বেচ্ছাচাৰী শাসনৰ পৰা বিদ্যালয়খন উদ্ধাৰ কৰাৰ বাবে ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা, লখিমপুৰ জিলা জাতীয়তাবাদী যুৱ পৰিষদ আদি ঘিলামৰাৰ বহু কেইটা সংগঠনে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, আদৰ্শ বিদ্যালয় সংগঠন অসমৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষ ,সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক সকলোলৈকে অভিযোগ প্ৰেৰণ কৰিছিল।
পৰৱৰ্তী সময়ত এক সুদীৰ্ঘকালীন উচ্চ পৰ্যায়ৰ তদন্ত চলিছিল অধ্যক্ষ লক্ষজিৎ হাজৰিকাৰ দুৰ্নীতিৰ ওপৰত। কিন্তু তদন্তৰ ফলাফল ৰাইজৰ দৃষ্টি ধৰা পৰা নাই প্ৰায় ৪মাহে। চৰকাৰী পুঁজিলৈ লুলোপ দৃষ্টি দি হকে বিহকে নিজৰ আৰু ঘনিষ্ঠ ব্যৱসায়ীৰ একাউণ্টলৈ বিশাল পুঁজি ট্ৰেন্সফাৰ কৰা, হিচাব মিলাবলৈ উকা সামগ্ৰী ক্ৰয়ৰ ৰচিদ অবৈধভাৱে মজুত ৰাখি ব্যৱহাৰ কৰা আদি অজস্ৰ অভিযোগত অভিযুক্ত হাজৰিকাৰ লগতে অন্য সকলৰ অদ্যপি চকী লৰা নাই। ৰাইজ সংগঠনৰ আশংকা ধোঁৱা চাঙত উঠিল নেকি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া। আশাহত হব নেকি ঘিলামৰাৰ শিক্ষাসদী আৰু সামাজিক সংগঠন সমূহ? এই ক্ষেত্ৰত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ঢকুৱাখনাৰ সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাৰ ৰহস্যজনক দুৰ্বল ভূমিকায়ো সুকীয়া তাৎপৰ্য বহন কৰিছে।
ইফালে, ঘিলামৰাৰ মুষ্টিমেয় সুবিধাবাদী অভিভাৱকক সাৰথি কৰি, ৰাজনৈতিক প্ৰভাৱ পুষ্ট হৈ অদ্যপি কাৰ্যনিৰ্বাহ কৰি যোৱা হাজৰিকাৰ লুণ্ঠনৰ থলী বিদ্যালয়খন বৃহস্পতি বাৰে পৰিদৰ্শন কৰে পৰিচালনা সঞ্চালক কৃষ্ণা বৰুৱাই। বৃহস্পতি বাৰে বিভাগীয় সহযোগীৰ লগত বিদ্যালয়খনত পুৱা প্ৰায় ৯-৩০ বজাত উপস্থিত হৈ সঞ্চালক গৰাকীয়ে প্ৰায় ১ঘণ্টা সময় অতিবাহিত কৰি উভতি যায়।
সঞ্চালক গৰাকীৰ আগমনৰ তথ্য লাভ কৰি বিদ্যালয়খনৰ চৌহদৰ পকী বেৰা নিৰ্মাণৰ কামৰ ঠিকাদাৰ লক্ষ্য দলে বিদ্যালয়খনত উপস্থিত হয়। বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলৰে মত বিনিময় কৰি অধ্যক্ষৰ কোঠাত সোমাই উভতি যায় সঞ্চালক গৰাকী। সঞ্চালক গৰাকীৰ আগমনৰ প্ৰকৃত কাৰণ অজ্ঞাত যদিও বিদ্যালয়খনৰ অভ্যন্তৰত সংঘটিত বিয়াগোম বিত্তীয় অনিয়মৰ তদন্তৰ ফলাফল শূণ্য অৱস্থাই বাস্তৱিকতে ক্ষুব্ধ কৰিছে ৰাইজৰ লগতে সংগঠন সমূহক।