/asomiyapratidin/media/media_files/2025/09/30/454-2025-09-30-23-07-02.jpg)
ডিজিটেল ডেস্ক : অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ ঘটনাৰে নাম সাঙোৰ খোৱা ড০ সঞ্জীৱ নাৰায়ণক ঘটনা সম্পৰ্কত মঙলবাৰে চি আই ডিয়ে সোধা- পোচা কৰে। সোধা- পোচাৰ অন্তত ড০ নাৰায়ণে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচৰাৰ কথা উল্লেখ কৰে।
তাৰোপৰি এছ আই টিক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো দিয়ে তেওঁ। একেদৰে শিল্পীগৰাকীৰ অকাল বিয়োগৰ সম্পৰ্কত সন্দীপন গাৰ্গকো আজি জেৰা কৰে।
প্ৰণিধানযোগ্য যে, জুবিন গাৰ্গৰ বিয়োগৰ সময়ত লগতে আছিল সন্দীপন গাৰ্গ। সম্পৰ্কত জুবিন গাৰ্গৰ ভাতৃ এই সন্দীপন গাৰ্গ।