/asomiyapratidin/media/media_files/2025/06/20/nogaon-college-2025-06-20-23-34-35.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যুদিৱসত নগাঁও মহাবিদ্যালয় (অট'নমাচ)ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু 'চিনাকি' এন জি অ’ৰ সহযোগত শুকুৰবাৰৰ পৰা নগাঁও মহাবিদ্যালয় (অট'নমাচ)ত 'এন ইপি ২০২০'ৰ লগত সংগতি ৰাখি পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইন্টাৰ্ণশ্বিপ পাঠ্যক্ৰমৰ শুভাৰম্ভ হয় ।
ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা শিৰোমণি হাজৰিকাই আঁত ধৰা এই শুভাৰম্ভ অনুষ্ঠান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদানেৰে আৰম্ভ হয় আৰু কলেজৰ উপাধ্যক্ষ ধ্ৰুৱজ্যোতি বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। আদৰণি ভাষণত বৰুৱাই ঐতিহ্য সংৰক্ষণ বিষয়ৰ লগত সংগতি ৰাখি বিশ্বৰ প্ৰাচীন সভ্যতা গ্ৰীক,ৰোম আদিৰ ঐতিহ্য সচেতনতা সম্পর্কে চমু আলোকপাত কৰে। এই অনুষ্ঠানতে নগাঁও মহাবিদ্যালয় শিক্ষক পৰিষদৰ সভানেত্ৰী ড° ৰূপাঞ্জলি দেৱীয়ে পৱিত্ৰ দিনটোত মহান গণশিল্পী বিষ্ণু ৰাভাৰ জীৱন পৰিক্ৰমাৰ ওপৰত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰাৰ লগতে ঐতিহ্য সংৰক্ষণ সম্পর্কীয় পাঠ্যক্ৰমৰ বাবে ইতিহাস বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰে।
কলেজৰ অভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড° ভুবন চন্দ্ৰ চুতীয়াই ইন্টাৰ্ণশ্বিপ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ সুযোগ পাব বুলি উল্লেখ কৰে। এই পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত সমল ব্যক্তি হিচাপে 'চিনাকি এন জি অ'ৰ গীতাঞ্জলি বৰুৱা আৰু ঐতিহ্য সংৰক্ষণ কৰ্মী বিজয় ভূঞা উপস্থিত থাকে আৰু পাঠ্যক্ৰমত নামভৰ্তি কৰা আশীজন ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে। এই অনুষ্ঠানতে ৰাভা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে "বিশ্বৰ ছন্দে ছন্দে" গীতটি সমৱেতভাৱে উপস্থাপন কৰে। শেষত ছাত্ৰ-ছাত্ৰীসকলৰ মত প্ৰকাশ আৰু ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা শিৰোমণি হাজৰিকাৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে।