/asomiyapratidin/media/media_files/2025/06/21/1rtttttttttttttty-2025-06-21-10-59-42.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ প্ৰতি বছৰৰ দৰে এইবেলিও শোণিতপুৰৰ ৰঙাপৰাত পালন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস। ৰঙাপৰা আগৰৱালাৰ সমিতিৰ ভৱনত 'কেয়াৰ লুইত'ৰ উদ্যোগত ৰঙাপৰা সমন্বয় সমিতিৰ সৌজন্যত আৰু মাৰোৱাৰী সন্মিলন ৰঙাপৰা শাখাৰ সহযোগত এইবাৰ একাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসটি পালন কৰা হয়।
যোগাসানৰ প্ৰাকক্ষণত একাদশ সংখ্যক যোগ দিৱসৰ কাৰ্যসূচীত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে ৰঙাপৰা পৌৰসভাৰ পৌৰপতি হৰি সাধন দাসে। তাৰ পাছতে তেজপুৰৰ মুখ্য প্ৰশিক্ষক পংকজ প্ৰতীম বৰা আৰু স্বপন দত্ত, মিটু দেৱ আৰু অংকিতা বসুমতাৰীক উদ্যোক্তাসকলে ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি পাঁচ হেজাৰ টকাৰ একোখনকৈ চেক আৰু মান পত্ৰ প্ৰদান কৰে।
যোগ দিৱসত প্ৰায় ২২৫ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিয়মীয়া যোগাভ্যাসৰ জৰিয়তে প্ৰতিজন ব্যক্তি মেদবহুলতা,মধুমেহ, ৰক্তচাপ আদি বিভিন্ন ৰোগৰ পৰা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত সজাগ কৰাটো হৈছে যোগ দিৱসৰ মূল উদ্দেশ্য।
ইফালে আজি জামুগুৰিহাটৰ ধলাইবিলৰ চেন্ট থমাছ ইংলিছ স্কুলতো একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই উপলক্ষত বিদ্যালয় খনৰ শিক্ষয়িত্ৰী ফ্লৰা ডিং দঙে ছাত্ৰ ছাত্ৰী সকলক যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ চেন্ট থমাছ ইংলিছ স্কুলৰ প্ৰধান শিক্ষক চুচিল জন চৰেনে কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় যোগদিৱস সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে ৷