/asomiyapratidin/media/media_files/2025/06/21/yoga-21-2025-06-21-15-21-12.jpg)
ডিজিটেল সংবাদ বিহালীঃ বিশ্বনাথ জিলাতো আজি উদযাপন কৰা হয় একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বিশ্বনাথ জিলাৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
যোগাভ্যাসত অংশ লৈ মন্ত্ৰী সিংহলে কয় যে, যোগ হৈছে বিশ্বলৈ ভাৰতবৰ্ষৰ অমূল্য উপহাৰ। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৫০০০ বছৰীয়া ভাৰতীয় সভ্যতাৰ অভিন্ন অংগস্বৰূপ এই যোগক সমগ্ৰ বিশ্ববাসীৰ আগত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সফল হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/21/asasx-2025-06-21-15-22-34.jpeg)
তেওঁ কয় যে ভাৰতৰ ঐতিহ্য বহন কৰা যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰি দেশৰ স্বাভিমানক শক্তিশালী ৰূপত তুলি ধৰাৰ বাবে প্রধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এক বিশেষ গুৰুত্ব আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰৰ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে যোগ সংগম, যোগ পাৰ্ক, যোগ সমাৱেশ, হৰিত যোগ, যোগ আনপ্লাগড, সমযোগ, যোগ বন্ধন, যোগ প্ৰভাৱ, যোগ কানেক্ট আৰু যোগ মহাকুম্ভৰ দৰে দহটা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই বছৰৰ মূল বিষয় হৈছে 'এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ'। ই আমাৰ “এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত”ৰ আকাংক্ষাক উপযুক্তভাৱে বৰ্ণনা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/21/cdd-2025-06-21-15-22-49.jpeg)
তেওঁ কয় যে যোগ দিৱসৰ দিনা যোগচৰ্চা কৰিলেই নহ'ব, শাৰীৰিক তথা মানসিক সু-স্বাস্থ্যৰ বাবে আমি সকলোৱে নিয়মিত ৰূপত যোগাসন কৰা উচিত। তেওঁ কয় যে আন্তৰ্জাতিক যোগ দিৱসৰ উদযাপনক এটা ৰীতিগত অনুষ্ঠানৰ পৰিৱৰ্তে সমাজৰ সকলো শ্ৰেণীৰ অংশগ্ৰহণৰে এটা জনপ্ৰিয় উৎসৱলৈ ৰূপান্তৰিত কৰা উচিত। মন্ত্ৰী সিংহলে কয় যে ৰাজ্য চৰকাৰে যোগ অনুশীলনৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।
সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে অসমতো জীৱনশৈলী সম্বন্ধীয় ৰোগ যেনে উচ্চ ৰক্তচাপ আৰু মধুমেহে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ডেকা বয়সতে মানুহ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। এই সমস্যাৰ পৰা উদ্ধাৰৰ একমাত্ৰ পথ হৈছে যোগাভ্যাস আৰু খোজকঢ়াৰ দৰে নিয়মীয়া শাৰীৰিক অনুশীলন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/21/aszad-2025-06-21-15-23-05.jpeg)
ৰাজ্যিক আয়ুষ মিছনৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰতিটো আয়ুস্মান আৰোগ্য মন্দিৰতে নিয়মীয়া যোগাভ্যাস শিবিৰ আয়োজনৰ পৰিকল্পনা কৰাৰ কথা তেওঁ সদৰী কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৱিত্ৰ মুহূৰ্তত যোগাভ্যাসক নিজৰ দৈনন্দিন জীৱনযাত্ৰাৰ এক অংশ হিচাপে মানি চলাৰ সংকল্প ল’বলৈ আৰু এক স্বাস্থ্যৱান সমাজ গঢ়াত অৰিহণা যোগাবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়।
যোগ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে ইতিমধ্যে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলকো আজিৰ এই অনুষ্ঠানতে বঁটা সমুহ বিতৰণ কৰা হয়। অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক শুভাশিস বৰুৱা, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ সভাপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ চাৰিআলি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰাই, স্বাস্থ্যী বিভাগৰ যুটীয়া সচিব কান্তা দাস, আয়ুস বিভাগৰ উচ্চপদস্থ বিষয়া, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ৰাকেশ ডেকা আৰু অসীম বৰগোহাঁই, লগতে ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ তথা জিলা প্ৰশাসনৰ বহুসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us