/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d9de27b6-1fc5-44c0-933f-66d38441a509/6.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ "নিজৰ আৰু সমাজৰ বাবে যোগাসন " এই বাৰ্তাৰে সমগ্ৰ বিশ্বৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱতো দশম সংখ্যক আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয় । চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত কাজলগাঁৱৰ জিলা পেৰেড গ্ৰাউণ্ডত আয়োজিত এই আন্তৰ্জাতিক যোগাসন দিৱসৰ কাৰ্য্যসূচীত জিলা আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীৰ উপস্থিতিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/21fe7eb2-7883-4a72-bdfb-6b20119828a0/dd41ae8a-b2b6-4fa0-810d-b6b0cc926031.jpg)
এই যোগ দিৱসৰ কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলৰ উপৰি অসম আৰক্ষী বিষয়া, এচএচবিৰ জোৱান আৰু দুই শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীই অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2acb368c-604c-4461-91ba-13a69973aa75/11c33852-db10-4398-a029-2a31e2a1eeab.jpg)
আজিৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত যোগদান কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত ২০১৫ চনত যোগ আন্তৰ্জাতিক পৰ্যায়ত স্থান কৰিবলৈ সক্ষম হৈছিল আৰু আজিৰ এই দিনটোত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালিত হৈ আছে যিটো আমি ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰো । কিন্তু যোগাসন কেৱল এটা বিশেষ দিনত নকৰি আমি যদি নিয়মীয়া কৈ যোগাসন কৰিব পাৰো তেনেহলে বিভিন্ন ৰোগৰ উপৰি মানসিক অৱসাদৰ পৰা মুক্তি পাব পাৰি। লগতে তেওঁ কয় যে মানৱ জীৱনত শাৰীৰিক আৰু মানসিক দিশত সুস্থ থাকিবলৈ হ'লে দৈনিক যোগাসন কৰাৰ গঢ়ি তুলিব লাগে বুলি মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e6313a55-2355-4767-a138-f6205a55fe6b/9fa33115-3ed3-46e3-a92b-43c7f78a61f0.jpg)