/asomiyapratidin/media/media_files/2025/03/08/uo0K5iW7zLmQxifkooTB.jpg)
মুছলপুৰত আন্তৰ্জাতিক নাৰী দিৱস পালন
ডিজিটেল সংবাদ, বাক্সা : আজি আন্তৰ্জাতিক নাৰী দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰিত অসম চেন্টাৰ ফৰ ৰুৰেল ডেভেলপমেন্ট চমুকৈ এচিআৰডি নামৰ সংস্থাটোৱে আয়োজন কৰিছে আন্তৰ্জাতিক নাৰী দিৱস ।
নাৰী দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰিছে মহিলাৰ মাজত ৰছী টনা খেল । আনন্দপূৰ্ণ পৰিৱেশত ৰছী টনা খেলৰ পাছতে অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা ‘নন্দিনী’ৰ সম্পাদক মাইনী মহন্ত আৰু কেইবাগৰাকীও মহিলা নেত্ৰী ।
অসমৰ প্ৰেক্ষাপটত আজিৰ নাৰীয়ে যথেষ্ট আগবাঢ়ি গৈছে বুলি মন্তব্য কৰি মাইনী মহন্তই কয় যে বিটিআৰ অঞ্চলৰ মহিলাসকল যথেষ্ট আগবঢ়া । ইফালে অসমৰ ৰাজনৈতিক ইতিহাসত আজিও নাৰীয়ে সংৰক্ষিত আসন লাভ কৰিব পৰা নাই বুলি দুখ প্ৰকাশ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ।
উল্লেখ্য যে প্ৰায় দুই শতাধিক মহিলাক গাহৰি পালনৰ জৰিয়তে সবলীকৰণৰ বাবে সহায় আগবঢ়োৱা বুলি মন্তব্য কৰে এচিআৰডিৰ সভাপতি নৱজ্যোতি শৰ্মাই ।