কঠীয়াতলীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

অসমী মণ্ডল সংগঠন আৰু অসমী নাৰী সুৰক্ষা কোষৰ সহযোগত শনিবাৰে দিনজোৰা কাযসূচীৰে নিজ কঠীয়াতলী গাঁও পঞ্চায়ত প্ৰাংগনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

কঠীয়াতলীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

ডিজিটেল সংবাদ, কামপুৰ : অসম চৰকাৰৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিচন কঠীয়াতলীৰ অধীনত অসমী মণ্ডল সংগঠন আৰু অসমী নাৰী সুৰক্ষা কোষৰ সহযোগত শনিবাৰে দিনজোৰা কাযসূচীৰে নিজ কঠীয়াতলী গাঁও পঞ্চায়ত প্ৰাংগনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱসৰ উপলক্ষে অনুষ্ঠিত এখন সভাত সভাপতিত্ব কৰে ঘন কান্ত বৰা আৰু বন্তি প্ৰজ্বলন কৰে অংকুমনী ৰয় শইকীয়াই । 

সভাখনত পৰিচালনা কৰে অসমী নাৰী কোষৰ সভানেত্ৰী বন্দিতা বৰাই আৰু অসমী মণ্ডল সংগঠনৰ সম্পাদিকা স্বৰ্ণ বৰাই।ইয়াৰ মাজতে এখনি বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে এখনি শোভাযাত্ৰা উলিওৱা হয়।

শেষত সকলোৰে উপস্থিতিত অনুষ্ঠান ভাগ সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি মাজান দাস,অনুজ ঘোষ,আছাদ উল্লাহ, পাৰ্থ প্ৰতিম গগৈকে ধৰি প্ৰায় দুই শতাধিক মহিলায়ে অংশগ্ৰহণ কৰে।

সভাখন পৰিচালনা কৰে অসমী নাৰী কোষৰ সভানেত্ৰী বন্দিতা বৰা আৰু অসমী মণ্ডল সংগঠনৰ সম্পাদিকা স্বৰ্ণ বৰাই।

আন্তৰ্জাতিক নাৰী দিৱস Kathiyatoli