Advertisment

'পদক্ষেপ’ৰ উদ্যোগত গীতানগৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি বৰ্তমানৰ প্ৰেক্ষাপটত নাৰী সমাজৰ মাজত এক জলন্ত সমস্যাৰূপে দেখা দিয়া ব্রেষ্ট কেন্সাৰক প্ৰতিহত কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
গীতানগৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গীতানগৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'পদক্ষেপ’ৰ উদ্যোগত আৰু ৩৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদৰ সহযোগত গীতানগৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি বৰ্তমানৰ প্ৰেক্ষাপটত নাৰী সমাজৰ মাজত এক জলন্ত সমস্যাৰূপে দেখা দিয়া ব্রেষ্ট কেন্সাৰক প্ৰতিহত কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।

Advertisment
গীতানগৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
গীতানগৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

 

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সচিব বর্ণালী শর্মা, অসমৰ খ্যাতনামা নৃত্যশিল্পী ড্ৰিমলী গগৈ প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট অতিথি। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই পদক্ষেপৰ সভাপতি প্ৰণৱজ্যোতি লহকৰে। 

সজাগতা সভাত বৰ্তমান সমাজত নাৰীৰ ভূমিকা সন্দৰ্ভত বক্তব্য দাঙি ধৰে স্বাস্থ্য বিভাগৰ সচিব বর্ণালী শর্মাই। অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিষ্ঠা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়োৱা কেবাগৰাকী মহীয়সী নাৰীক সম্বৰ্ধনা জনোৱা হয়।

আন্তৰ্জাতিক নাৰী দিৱস