/asomiyapratidin/media/media_files/2025/03/08/zJUNxXqPUz33BTSS0rzk.jpg)
বিহপুৰীয়াত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া মহাৰাণী বড়ি মহিলা বিকাশ কেন্দ্ৰৰ উদ্যোগত শনিবাৰে বিহপুৰীয়াত বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱসটি উদযাপন কৰা হয়। কেন্দ্ৰৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত হোৱা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা কেন্দ্ৰৰ সভানেত্ৰী অৰ্চনা কাকতি বৰাৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে দুপৰীয়া মুকলি সভাখন অনুষ্ঠিত হয় ৷
মহাৰাণী বড়ি মহিলা বিকাশ কেন্দ্ৰৰ সদস্যাসকলৰ দ্বাৰা দিহানাম আৰু এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে কেন্দ্ৰৰ সভানেত্ৰী অৰ্চনা কাকতি বৰাই ৷ প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক পাঠ্য পুথি প্ৰকাশন আৰু প্ৰণয়ন নিগম লিমিটেডৰ অধ্যক্ষ দেবানন্দ হাজৰিকাই উদ্বোধন কৰা সভাখনত স্মৃতিচাৰণ কৰে সুমিত্ৰা ভূঞাই ৷
কেন্দ্ৰৰ উপসভানেত্ৰী উষা দেৱিয়ে আতঁ ধৰা সভাত নিভা ভূঞাৰ সম্পাদনাত প্ৰকাশিত মহাৰাণী বড়ি মহিলা বিকাশ কেন্দ্ৰৰ মুখপত্ৰ উন্মোচন কৰে শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে ৷ সভাত বিশিষ্টা মহিলা ৰত্না দেৱী আৰু জীনা শৰ্মাক সম্বৰ্দ্ধনা জনায় ৷
উল্লেখযোগ্য যে সভাত বিশিষ্ট নাট্যকাৰ হৰেণ শইকীয়াৰ দ্বাৰা ৰচিত আলোকৰ যাত্ৰা নামৰ সংগীতালেখ্যখনি পৰিৱেশন কৰে ৰেখা ভূঞা বৰা,ৰাভিছ ভূঞা হাজৰিকা,নিভা ভূঞা,অণিমা ভাগৱতি,অজন্তা শৰ্মা,আৰু পপি ভূঞাই ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা চন্দিকা দত্ত কোৱঁৰ ৷