আপ মহিলা শক্তিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

বিশ্বজুৰি পালন কৰা নাৰী দিৱস উপলক্ষে ৮ মাৰ্চৰ ঐতিহাসিক গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰে আপৰ ৰাজ্যিক উপ সভাপতি তথা মহিলা শক্তিৰ তত্ত্বাৱধায়ক অনুৰূপা ডেকাৰজাই ।

author-image
Asomiya Pratidin
New Update
আন্তৰ্জাতিক নাৰী দিৱস..

আন্তৰ্জাতিক নাৰী দিৱস..

ডিজিটেল সংবাদ, গুৱাহাটী : আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শনিবাৰে আম আদমী পাৰ্টিৰ মহিলা শক্তিৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। বিশ্বজুৰি পালন কৰা নাৰী দিৱস উপলক্ষে ৮ মাৰ্চৰ ঐতিহাসিক গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰে আপৰ ৰাজ্যিক উপ সভাপতি তথা মহিলা শক্তিৰ তত্ত্বাৱধায়ক অনুৰূপা ডেকাৰজাই ।

আপ মহিলা শক্তিয়ে নাৰী সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱাৰ বাবে ৰাজ্যৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ পৰিচালক জোনমণি দেৱী খাউণ্ড আৰু সাংবাদিক অনামিকা নাথক আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ৰাজ্যিক মহিলা শক্তিৰ উপ সভানেত্ৰী বিমলা দেৱী, সাধাৰণ সম্পাদিকা মঞ্জু ডেকা হুছেইন, আপৰ মিডিয়া পেনেলিষ্ট আৰতি দেৱী আৰু অলকানন্দা ডেকাও উপস্থিত থাকে।

আন্তৰ্জাতিক নাৰী দিৱস aap assam