/asomiyapratidin/media/media_files/2025/03/08/fSDDWz6UfHxkaBkfwKt8.jpg)
ৰুণীখাতাত জিলা প্ৰশাসন আৰু সমাজকল্যাণ বিভাগৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন
ডিজিটেল সংবাদ, চিৰাং : আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস । নাৰীৰ অধিকাৰ, মহিলা সৱলীকৰণৰ লক্ষ্যৰে সমগ্ৰ বিশ্বজুৰি আজিৰ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন হয় ।
/asomiyapratidin/media/media_files/2025/03/08/K0P0ScgRvMHGtDvOrZ9Z.jpg)
চিৰাং জিলাৰ ৰুণীখাতাতো শনিবাৰে জিলা প্ৰশাসন আৰু জিলা সমাজকল্যাণ বিভাগৰ উদ্যোগত তথা প্ৰধানমন্ত্ৰীৰ বেটি বচাওঁ বেটি পঢ়াও অভিযানৰ-সংকল্পৰ সহযোগত দিনজোৰা কাৰ্য্যসূচীৰে "আন্তৰ্জাতিক নাৰী দিৱস" উদযাপন কৰা হয়। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত যতীন বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ ৰশ্মিৰেখা শৰ্মা, সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শনীসহ অন্যান্য আমন্ত্ৰিত অতিথিসকলে ।
/asomiyapratidin/media/media_files/2025/03/08/vrimgDPOhVRH3Pj2092V.jpg)
অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই জিলা সমাজকল্যাণ বিষয়া মনজিত দাসে । আজিৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে অনুষ্ঠিত সভাত জিলা আয়ুক্ত যতীন বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ ৰশ্মিৰেখা শৰ্মা, জিলা শিশু অধিকাৰ বিষয়া সুৰশ্ৰী পাঠক আৰু আমন্ত্ৰিত অতিথি হিচাপে সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনীয়ে আন্তৰ্জাতিক নাৰী দিৱস সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰে।জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা দুই শতাধিক মহিলাসকলৰ উপস্থিতিত আজিৰ "আন্তৰ্জাতিক নাৰী দিৱস"ত নাৰী শিক্ষা, নাৰীৰ অধিকাৰ, আৰ্থিক দিশত স্বাৱলম্বীতা নাৰী, সফল মহিলা খেলুৱৈ, সংগ্ৰামী মাতৃ আদি কৰি সমাজৰ বিভিন্ন স্তৰৰ সংগ্ৰামী মহিলা সকলক এখনকৈ আৰ'নাই আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
/asomiyapratidin/media/media_files/2025/03/08/RhWkYxrFiExKejKsoxo0.jpg)
আজিৰ অনুষ্ঠানতে চিৰাং জিলাৰ শ্ৰেষ্ঠ অঙ্গনৱাড়ী কৰ্মী, সহায়িকা আৰু ছুপাৰভাইজাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আজি ৰুণীখাতাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্য্যসূচী সঞ্চালনা কৰে স্ৰাই স্ৰাই ওৱাৰী আৰু সংগীতা চৌধুৰীয়ে।