নামৰূপ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

নামৰূপ মহাবিদ্যালয় মহিলা অধ্যয়ন আৰু বিকাশ কোষৰ উদ্যোগত শনিবাৰে পুৱা ৯ বজাৰ প্ৰাতঃসভাতে আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
নামৰূপ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

নামৰূপ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ডিজিটেল সংবাদ, নামৰূপ : নামৰূপ মহাবিদ্যালয় মহিলা অধ্যয়ন আৰু বিকাশ কোষৰ উদ্যোগত শনিবাৰে পুৱা ৯ বজাৰ প্ৰাতঃসভাতে আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দূৰ্গা প্ৰসাদ গগৈয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰে।

Advertisment
নামৰূপ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
নামৰূপ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

 

মন্দিৰা বুঢ়াগোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত মহিলা অধ্যয়ন আৰু বিকাশ কোষৰ আলোচনী 'ধৰিত্ৰী' উন্মোচন কৰি অধ্যক্ষ ড° দূৰ্গা প্ৰসাদ গগৈয়ে ছাত্ৰ আৰু ছাত্ৰী উভয়ে নাৰী দিৱসৰ আহ্বান হৃদয়ংগম কৰিব লাগিব বুলি মন্তব্য কৰে। তেওঁ কয় যে অধ্যয়নশীলতা আৰু সময়ৰ সৈতে সমানে আগবাঢ়ি যোৱাৰ মানসিকতাইহে জীৱনৰ লক্ষ্যত উপনীত কৰোৱাব । সকলো লক্ষ্যৰ শীৰ্ষত এখন সুস্থ সমাজৰ লক্ষ্য থকা উচিত আৰু নাৰী-পুৰুষৰ সমতাইহে তেনে এখন সমাজৰ স্বপ্নক বাস্তৱ কৰিব বুলি তেখেতে ভাষণত উল্লেখ কৰে। 

ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰ্থনাৰে কাৰ্যসূচী আৰম্ভ কৰা অনষ্ঠানটোত মহাবিদ্যালয়ৰ পৰিয়ালৰ মহিলা সদস্যসকলে গীতিকাৰ লাৱন্যপ্ৰভা নাথৰ ৰচনা আৰু কৃপাল কটকীয়ে সুৰ সঞ্চাৰ কৰা নাৰী শক্তিৰ আৱাহনীৰে লিখা এটি সমবেত গীত পৰিৱেশন কৰে। উক্ত অনুষ্ঠানতে নামৰূপৰ এগৰাকী উদ্যোগী মহিলা তথা শিলপায়ন চিল্ক হাবৰ স্বত্বাধিকাৰ বৰ্ণালী কলিতাক তেখেতৰ ব্যাৱসায়িক সফলতাক উদযাপন কৰাৰ লক্ষ্যৰে সম্বৰ্ধনা জনায়। 

নামৰূপ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
নামৰূপ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

 

নাৰী দিৱসৰ দিনটোৰ তাৎপৰ্য আৰু  ২০২৫ বৰ্ষৰ বিশেষ কেন্দ্ৰীয়ভাৱে ব্যাখ্যা কৰে মহিলা অধ্যয়ন আৰু বিকাশ কোষৰ সঞ্চালক ড° ছবি গগৈয়ে। আন্তৰিকতাৰে সৎ পথত থাকি চেষ্টা কৰিলে জীৱনৰ যিকোনো কামতে সফলতা আহিবই বুলি কৈ বৰ্ণালী কলিতাই নিজৰ ব্যাৱসায়িক উত্তৰণ যাত্ৰাত লাভ কৰা অভিজ্ঞতাৰ সাৰ কথাৰে ছাত্ৰ ছাত্ৰীসকলক উদ্দীপনা যোগায়।

"শিক্ষকতাৰ বৃত্তিয়ে সঁচা কথা ক'বলৈ শিকায়; নামৰূপ মহাবিদ্যালয়ত ঠিকাভিত্তিত কৰা শিক্ষকতাৰ অভিজ্ঞতাই মোক সৎ পথত থাকি নিৰ্ভিকতাৰে সংগ্ৰাম কৰিবলৈ প্ৰেৰণা যোগাই আহিছে আৰু মোৰ সফলতাত এয়া এক মূলমন্ত্ৰ" - কাকলি বৰুৱাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি কয় বৰ্ণালী কলিতাই। ৰিজুমণি দাসে আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানটিৰ সামৰণি পৰে।

international women's day