/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/pata.jpg)
ডিজিটেল ডেস্ক: পতঞ্জলি বিশ্ববিদ্যায়লত পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউটৰ উদ্যোগত সোমবাৰৰ পৰা তিনিদিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰতীয় আয়ুৰ্বেদৰ পৰম্পৰাগত ঔষধৰ ওপৰত এক আন্তৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৷
মডাৰাইজেছন অফ ট্ৰেডিচনেল ইণ্ডিয়ান মেডিচিন : পাব্লিক হেলথ এণ্ড ইণ্ডাস্ট্ৰিয়েল পাৰচেপটিভছ " নামৰে
আয়োজন কৰা এই আলোচনা চক্ৰত প্ৰাচীন ভাৰতৰ আয়ুৰ্বেদত উল্লেখিত ঔষধ সমুহৰ ওপৰত আলোচনা কৰা হ'ব ৷ ভাৰতৰ পৰম্পৰাগত আয়ুৰ্বেদৰ চিকিৎসা পদ্ধতি আৰু ঔষধক দেশ তথা বিশ্ববাসীৰ মাজলৈ বিজ্ঞানসন্মত ভাৱে লৈ যাবলৈ অহৰহ প্ৰয়াস কৰি আহিছে পতঞ্জলি ৰিচাৰ্চ ইনষ্টিটিউটটে ৷ এই উদেশ্য আগত ৰাখিয়েই হৰিদ্বাৰস্থিত পতঞ্জলি ইউনিভাৰ্ছিটিত তিনিদিনিয়াকৈ আয়োজন কৰা হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/8bf7f721-8588-4aeb-88e5-a4e483528d30.jpg)
এই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত স্বামী ৰামদেৱ, আচায্য বালাকৃষ্ণ, পতঞ্জলি বিশ্ববিদ্যালয়ৰ উপাচায্য মহাবীৰ আগৰৱাল আৰু ভাৰ্চুৱেলী নীতি আয়োগৰ সদস্য ৰমেশ চান্দৰ লগতে ঔষধীয় গুণ সম্পন্ন উদ্ভিদৰ গৱেষণাৰ লগত জড়িত বহু কেইজন গৱেষক উপস্থিত থাকে ৷
আলোচনাচক্ৰৰ প্ৰথম দিনটোত " কৃষি বিপ্লব আৰু ই-আত্মনিৰ্ভৰ ভাৰত" ৰ ওপৰত আলোচনা হোৱাৰ উপৰিও বহুকেইটা এপও মুকলি কৰা হয় ৷ নিজৰ ভাষণত স্বামী ৰামদেবে আধুনিক চিকিৎসা বিজ্ঞানৰ এলপেথিক চিকিৎসাক সমালোচনা কৰি আয়ুৰ্বেদৰ যোগেদি সকলো জটিল ৰোগ নিৰাময় কৰিব পাৰি বুলি দাবী কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/160b08c5-265e-49cf-9852-5305d415ce0e.jpg)
স্বামী ৰামদেৱে "আচায্য বালাকৃষ্ণ" ৰ প্ৰাচীন জৰী-গুটি সমুহৰ ওপৰত কৰি থকা গৱেষণাকো ভুয়সী প্ৰসংশা কৰে ৷ বাবা ৰামদেবে কয় "যোগ, চিকিৎসা আৰু শিক্ষাৰ লগতে জৈবিক কৃষিকো আগবঢ়াই নিবলৈ পতঞ্জলি প্ৰতিশ্ৰুতিবদ্ধ ৷
আনহাতে অনুষ্ঠানত " আচায্য বালাকৃষ্ণ" দেৱৰ উদ্যোগত ১০৯ খন গ্ৰন্থৰে সংকলিত "ৱৰ্লড হাৰবেল এনচাইক্লপেডিয়াৰ" ৮০ খন গ্ৰন্থৰ এক অংশ উন্মোচন কৰা হয় ৷ আচায্য বালাকৃঞ্চই কয় এই সংকলনটোত ৩ লাখ ৭ হাজাৰ বিভিন্ন ঔষধী গুণসম্পন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জৰী গুটীৰ তথ্য সম্বলিত কৰা হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/c1242a7c-be24-44fd-bc50-894cd3c2338b.jpg)
আচায্য বালাকৃঞ্চৰ ওপজা দিন ৪ আগষ্টৰ দিনটো "জৰী -গুটি দিৱস " হিচাপে উদযাপন কৰিব তেঁওৰ অনুৰাগী আৰু পতঞ্জলি পৰিয়ালে ৷ সেই দিনটোতেই জনসাধাৰণৰ বাবে উপলব্ধ হ'ব এই "ৱৰ্লড হাৰবেল এনচাইক্লপেডিয়া" ৷ আচায্য বালাকৃঞ্চই কয় "পতঞ্জলিয়ে প্ৰাকৃতিক চিকিৎসা পদ্ধতি আৰু হাৰবেল মেডিচিনক লৈ জনসাধাৰণৰ মাজত সচেতনতা বৃদ্বি কৰি আহিছে আৰু অনাগত দিনত জনসাধাৰণে প্ৰাকৃতিক চিকিৎসা পদ্ধতিকেই গ্ৰহণ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/8bf7f721-8588-4aeb-88e5-a4e483528d30-1.jpg)
পতঞ্জলিৰ উদ্যোগত আয়োজিত এই তিনিদিনিয়া মডাৰাইজেছন অফ ট্ৰেডিচনেল ইণ্ডিয়ান মেডিচিন : পাব্লিক হেলথ এণ্ড ইণ্ডাস্ট্ৰিয়েল পাৰচেপটিভছ য়ে দেশৰ আয়ুৰ্বেদিক চিকিৎসাক নি সন্দেহে এক নতুন মাত্ৰা প্ৰদান কৰিব ৷ আনহাতে অনাগত ভবিষ্যতত ভাৰতৰ প্ৰাচীন জৰী-গুটী, তথা পৰম্পৰাগত চিকিৎসাই দেশলৈ নতুন বাণিজ্যিক সম্ভাৱনীয়তাও কঢ়িয়াই আনিব ৷
আৰু পঢ়ক: লুণ্ঠন, ৰাজনীতি এৰি অসম সাহিত্য সভা পুনৰ হ'বনে অসমীয়াৰ স্বাভিমান…