অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগ : উৰিয়াগাঁৱত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন

উৰিয়াগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ত বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ অসংগঠিত খণ্ডৰ শ্ৰমিক তথা টমটম চালক, টেম্প'চালক, ট্ৰেভেলাৰ চালক, বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিকসকলক সম্বৰ্ধনা জনোৱা হয়। 

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁৱত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন

ডিজিটেল সংবাদ, উৰিয়াগাঁও : বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন কৰা হয়। উৰিয়াগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ত বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ অসংগঠিত খণ্ডৰ শ্ৰমিক তথা টমটম চালক, টেম্প'চালক, ট্ৰেভেলাৰ চালক, বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিকসকলক সম্বৰ্ধনা জনোৱা হয়। 

Advertisment
শ্ৰমিক দিৱস
শ্ৰমিক দিৱস

 

উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া। তেওঁ কয় যে, শ্ৰমজীৱী খাতিখোৱা জনগণৰ ভাষা শক্তিশালী যদিও সময়ে সময়ে তাক শোষক শ্ৰেণীয়ে অৱদমন কৰিব বিচাৰি আহিছে। কিন্তু সেয়া সফল হ'ব পৰা নাই। 

শ্ৰমিক দিৱস

তদুপৰি সংগঠিত অথবা অসংগঠিত খণ্ডৰ যিকোনো শ্ৰমিকে আজিকোপতি নিজৰ অধিকাৰ সম্পৰ্কে সজাগ আৰু সচেতন হোৱাই নাই। সেয়ে শোষণ-বঞ্চনাৰ বলি হ'ব লগা হৈছে। তাৰোপৰি শ্ৰমিক আইন সম্বন্ধীয় বহুখিনি গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰি এখন ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু অসমীয়া কেলেণ্ডাৰেৰে শ্ৰমিকসকলক উৎসাহিত কৰে।

শ্ৰমিক দিৱস

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিবছৰে আয়োজন কৰা এই অনুষ্ঠান এইবেলি সফল কৰা বাবে আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰা আৰু সাধাৰণ সম্পাদক শুভ্ৰজিৎ গগৈয়ে সকলোকে ধন্যবাদ জনায়।

আন্তৰ্জাতিক শ্ৰমিক দিৱস uriyagaon