অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ বিশ্বনাথ চাৰ্কোল সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন

আজি ৰঙাগড়,বিহালী,বৰগাওঁ, মোনাবাৰী আদি কেইবাখন চাহ বাগিচাত মে' দিৱসৰ পতকা উত্তোলনৰ লগতে বৰগাং চাহ বাগিচাত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়।

author-image
Tushar Pratim
New Update
অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ বিশ্বনাথ চাৰ্কোল সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন

ডিজিটেল সংবাদ বিহালী: আজি শ্ৰমজীৱি জনগণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন আন্তৰ্জাতিক শ্ৰমিক দিৱস। অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ,বিশ্বনাথ চাৰ্কোল সমিতিৰ উদ্যোগত আজি ৰঙাগড়,বিহালী,বৰগাওঁ, মোনাবাৰী আদি কেইবাখন চাহ বাগিচাত মে' দিৱসৰ পতকা উত্তোলনৰ লগতে বৰগাং চাহ বাগিচাত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়।

Advertisment

ৰঙাগড় চাহ বাগিচাত বদন মুণ্ডা, বিহালী চাহ বাগিচাত বাহাদুৰ কায়স্থ, মোনাবাৰী চাহ বাগিচাত সুৰেন তাঁতি, বৰগাং চাহ বাগিচাত জিতেন ভূঞা আৰু বৰগাওঁ চাহ বাগিচাত সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডীয়ে পতকা উত্তোলন কৰে। বৰগাং চাহ বাগিচাত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা মে' দিৱসৰ মূল সভাত সভাপতিত্ব কৰে সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডীয়ে আৰু মে' দিৱসৰ তাৎপৰ্য বাখ্যা কৰে সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সম্পাদক কৃষ্ণ পাইকে।

বৰগাং চাহ বাগিচাৰ ৰাইজৰ লগতে সংঘৰ বৰগাং চাহ বাগিচা শাখা সমিতিৰ সভাপতি নৰেশ নাহেকীয়া, সম্পাদক ৰাজু কেৰ্কেটা, বৰগাওঁ চাহ বাগিচা সমিতিৰ সম্পাদক চাজেন পৰ্জা, সংঘৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বদন মুণ্ডা, চিপিআই (এম-এল)ৰ জিলা সদস্য অজিত পৰ্জা আৰু সংঘৰ কেন্দ্ৰীয় সভাপতি বিবেক দাস সভাখনত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

বক্তব্যৰ মাজে মাজে ঝুমুৰ নৃত্য,পৰ্জা নৃত্যকে ধৰি কেইবাটাও সাস্কৃতিক দলে নৃত্য গীত পৰিবেশন কৰে।সংঘৰ কেন্দ্ৰীয় সভাপতি বিবেক দাসে বক্তব্যৰ আৰম্ভনিতে পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱা লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে বহুকেইটা সমস্যাৰ কথা উত্থাপন কৰে।

উল্লেখ্য যে বিজেপি চৰকাৰে চাহ শ্ৰমিকক ৩৫০ টকা মজুৰিৰ লগতে মাটিৰ অধিকাৰ,অনুসূচীকৰণ আদি প্ৰতিশ্ৰুতি দি অসমৰ লাখ লাখ চাহ শ্ৰমিকক প্ৰতাৰনা কৰাৰ উপৰিও আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ পিছদিনাই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰি শ্ৰমিকৰ বাবে এই বিশেষ তাৎপৰ্যপূৰ্ণ দিনটো ভালদৰে পালন কৰিবলৈ নিদিয়া বিষয়টোও আজিৰ মে' দিৱসৰ কাৰ্যসূচীত উত্থাপিত হয়।

আন্তৰ্জাতিক শ্ৰমিক দিৱস বিশ্বনাথ