নৰাখেৰৰ ছবিগৃহত দেশী-বিদেশী চিনেমা উপভোগ কৰিলে হাজাৰ হাজাৰ দৰ্শকে

তিতাবৰত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ সমাৰোহত দৰ্শকে এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰিছে। চলচ্চিত্ৰ সমাৰোহখন  আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাৰতীয় চলচ্চিত্ৰ সংসদ মহাসংঘৰ উপ সভাপতি প্ৰেমেন্দ্ৰ মজুমদাৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ সমাৰোহ

আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ সমাৰোহ

ডিজিটেল সংবাদ, বেকাজানঃ, তিতাবৰত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য  চলচ্চিত্ৰ সমাৰোহত দৰ্শকে এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰিছে। অসম  চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ,ভাৰতীয় চলচ্চিত্ৰ মহাসংঘ আৰু অসম ৰাজ্যিক চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ সহযোগত  আৰম্ভ হোৱা  দ্বিতীয় অসম আন্তৰাষ্ট্ৰীয় গ্ৰাম্য  চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় দিনটো অগণন দৰ্শকে লোকাৰণ্য হৈ পৰে। প্ৰায় বিশ বিঘা  মাটি কালিৰ এলেকাত নিৰ্মাণ কৰি উলিওৱা মূল মঞ্চ, নাট্যঘৰ অতিথিশালা আৰু নৰা খেৰেৰে নিৰ্মাণ কৰি উলিওৱা জয়মতী আৰু ফিৰিঙতি নামৰ ছবিগৃহ  চিনেমা চাই দৰ্শকসকল নষ্টালজিক হৈ পৰে।  তিনিদিনীয়া কাৰ্য্যসূচীৰ চলচ্চিত্ৰ সমাৰোহখন  আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাৰতীয় চলচ্চিত্ৰ সংসদ মহাসংঘৰ উপ সভাপতি প্ৰেমেন্দ্ৰ মজুমদাৰে। উদ্বোধনী ভাষণত মজুমদাৰে কয়--- "এনে অনুষ্ঠান দেশৰ চলচ্চিত্ৰ জগতৰ ইতিহাসত বিৰল আৰু  অনন্য ।  ভাৰতীয় চলচ্চিত্ৰ জগতৰ উত্তৰণত গ্ৰাম্য পটভূমিত কাম কৰা এই অনুষ্ঠান  প্ৰথম" বুলি মন্তব্য কৰে। 

Advertisment

অসম  চলচিত্ৰ সমাজৰ সাধাৰণ সম্পাদক মহোৎসৱৰ সঞ্চালক ডঃ জয়ন্ত মাধৱ দত্ত আৰু ডঃ দিপাঞ্জলি বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে তথ্যচিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক অশোক ৰণে, ঠেঙাল কছাৰী স্বয়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ চন্দ্ৰ কছাৰী তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই।  আনহাতে সমাৰোহৰ উদ্বোধনী চলচ্চিত্ৰ 'অনুনাদ' ৰ পৰিচালক ৰীমা বৰা,  বিশিষ্ট চাউণ্ড ডিজেইনৰ অভিযন্তা  অমৃত প্ৰীতম ,ছবি পৰিচালক মঞ্জুল বৰুৱা আৰু অসম চলচ্চিত্ৰ সমাজৰ সভাপতি ৰাজেশ্বৰ শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচীৰ এই মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ জগতত বিভিন্ন বঁটাৰে সমাদৃত হোৱা দেশী বিদেশী ১৭খন পূৰ্ণ দৈৰ্ঘ্য আৰু ১২ চুটি ছবি প্ৰদৰ্শন হোৱাৰ লগতে তিনিখন বিশেষ কৰ্মশালা পৰ্যন্ত অনুষ্ঠিত হয়।  ঠেঙাল কছাৰী সংগ্ৰাহালয়ত অনুষ্ঠিত  চাউণ্ড ডিজাইনিং বিষয়ত অনুষ্ঠিত কৰ্মশালাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত চাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতমে সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে। আজি  চিনেমা সম্পাদনা বিষয়ত অনুষ্ঠিত কৰ্মশালাত  বিশিষ্ট চলচ্চিত্ৰ সম্পাদনা বিশেষজ্ঞ সৌৰভ দত্তই সমল ব্যক্তি ৰূপে প্ৰশিক্ষণ প্ৰদান কৰে। 

চলচ্চিত্ৰ মহোৎসৱ Film Festival