বাক্সাত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন...

বাক্সাত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
বাক্সাত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন...

ডিজিটেল সংবাদ, বাক্সা: সমগ্ৰ বিশ্বতে ৯আগষ্টত 'আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস' হিচাপে পালন কৰা হয়। একেদৰে বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ ডুমুনীতো চাহ বাগিচা অঞ্চলত শুকুৰবাৰে আন্তৰ্জাতিক আদিবাসী দিৱস উপলক্ষে বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাই সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।

Advertisment

বহু সহস্ৰাধিক আদিবাসী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা উক্ত সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈ আছাৰ কেন্দ্ৰীয় নেতৃত্বই এই দিৱস উদযাপনৰ জৰিয়তে সকলোৰে মাজত আদিবাসীৰ সংস্কৃতি প্ৰদৰ্শনৰ জৰিয়তে সজাগতা সৃষ্টি কৰা বুলি মন্তব্য কৰে । লগতে তেওঁ কয় যে, দীৰ্ঘদিন ধৰি আছাই নিজ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে । বিজেপি চৰকাৰে প্ৰাপ্য স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতিৰে জয়ী হৈ দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিবৰ পথত । কিন্তু আদিবাসী সকলৰ বাবে একো নকৰিলে । যদি এনেকৈয়ে আদিবাসী সকলৰ অধিকাৰ খৰ্ব কৰি ৰাখে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি এই শোভাযাত্ৰাৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰে ।

Also Read: বিজেপিৰ মায়া-মোহ এৰি অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান

baksa district