/asomiyapratidin/media/media_files/2025/06/26/bajali-26-2025-06-26-21-17-38.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ আজি বজালী জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপনৰ অংশ হিচাপে এক ৱাকাথনৰ আয়োজন কৰা হয়। বজালী জিলা পৰিষদ কাৰ্যালয় চৌহদত আৰম্ভ হোৱা এই ৱাকাথন ভগৱতী ক্ষেত্ৰ, পাঠশালাত সমাপ্ত হয়।
জিলা উন্নয়ন আয়ুক্ত ডাঃ আশ্বৰাফুল আমিনে শুভাৰম্ভণি কৰা উক্ত ৱাকাথনত তেখেতৰ উপৰি বৰপেটাৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ ভাৰতী বৰকটকী, মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপ্তী চৌধুৰী, সমাজ কল্যাণ বিষয়া জ্যোতি কুমাৰ দাস, সহকাৰী আয়ুক্ত পিংকী দেৱনাথ, মংগলম পাঠশালাৰ নীতা খান্দুৰী শৰ্মা, ধৰমতলা ভলীবল কোচিং চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক সত্যজিৎ শৰ্মা, সহকাৰী প্ৰশিক্ষক ৰঞ্জিত শৰ্মা, জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী তুতুল মানৱ প্ৰমুখ্যে জ্যেষ্ঠ আৰক্ষী অধীক্ষক কাৰ্যালয়, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালীৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। ৱাকাথনৰ শেষত সজাগতামূলক এখনি বাটৰ নাটো প্ৰদৰ্শন কৰা হয়।