ঢকুৱাখনাত পহিলা জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব নিষিদ্ধ ড্ৰাগছ নিৰ্মূল অভিযান

আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস তথা মাদক দ্ৰব্য নিবাৰণৰ দিৱস। বৃহস্পতিবাৰে ঢকুৱাখনা সমজিলাৰ বিভিন্ন স্থানত সজাগতামূলক সভা আহ্বানেৰে উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
ইজৰাইলৰ বিৰুদ্ধে বিজয় ঘোষণা ইৰাণৰ....

ডিজিটেল সংবাদ, ঢকুৱাখনা: আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস তথা মাদক দ্ৰব্য নিবাৰণৰ দিৱস। বিশ্ব জুৰি পালিত এই দিৱস বৃহস্পতিবাৰে ঢকুৱাখনা সমজিলাৰ বিভিন্ন স্থানত সজাগতামূলক সভা আহ্বানেৰে উদযাপন কৰা হয়।

Advertisment

প্ৰধানকৈ মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ সৌজন্যত আৰু আঞ্চলিক সমিতিসমূহৰ উদ্যোগত ঢকুৱাখনাৰ ১১ টা স্থানত এই দিৱস পালন কৰা হয়। পুৱ ঢকুৱাখনা আঞ্চলিক সমিতিৰ উদ্যোগতো এই দিৱসৰ লগত সংগতি ৰাখি মাদক দ্ৰব্য নিবাৰ‌লণ, যুৱ উশৃংখলতা নিয়ন্ত্ৰণ, ড্ৰাগছ আৰু অন্যান্য মাদক দ্ৰব্য সেৱন ৰোধৰ শ্লোগানেৰে বৃহস্পতিবাৰে পূৱ ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত ভোমাজাৰণী হাইস্কুল চৌহদত সজাগতা সভা অনুষ্ঠিত কৰা হয়।

ঢকুৱাখনা জিলা সমিতিৰ যুটীয়া সম্পাদক অমৃত দলেয়ে আঁতধৰা সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা মিচিং মিমাগ কৌবাংৰ সভাপতি সুনীল কুমাৰ পেগুৱে উদ্বোধন কৰে। সভাত ঢকুৱাখনা সম জিলাৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়া, ঢকুৱাখনা সমজিলাৰ আৰক্ষী অধীক্ষক লিন্টু বৰা, অ’ চি প্ৰিয়ব্রত গগৈ, আবকাৰী পৰিদৰ্শক পৰাগ চেতিয়া, জাতীয় সংগঠন টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক অমৰজিত দলে, শিক্ষক পংকজ পেগু,  মনি কুমাৰ কামান আদিয়ে জনাকীৰ্ণ সজাগতা সভাত মননশীল বক্তব্য আগবঢ়ায়।

যুৱ প্ৰজন্মৰ প্ৰতি প্ৰচণ্ড ভাবুকি হৈ থিয় দি সমগ্ৰ ঢকুৱাখনা ছানি ধৰা এই নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন ৰোধৰ বাবে অভিভাৱক, ৰাইজ, সমাজ, সংগঠন প্ৰশাসন সকলোৱে একত্ৰিত হৈ যুঁজাৰ সময় সমাগত বুলি সভাই মত পোষণ কৰে। জাতীয় সংগঠনৰ নেতা মোহন পেগু, জ্যোতিষ পেগু, প্ৰদীপ দলে, মুকুল লাগাছূ, ৰঞ্জিত পেগু, মেনকা মিলি, প্ৰক্ষিত মিলি, পূৱ ঢকুৱাখনাৰ বহু সংখ্যক শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকসকল উপস্থিত থকা সজাগতা সভাত  অহা এক জুলাইৰ পৰা সমগ্ৰ ঢকুৱাখনা সমজিলাৰ গাঁৱে গাঁৱে মিচিং জাতীয় সংগঠনৰ উদ্যোগত এই নিষিদ্ধ মাৰাত্মক ড্ৰাগছ, ভাং, চুলাইকে প্ৰমুখ্য কৰি অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলোৱা হ’ব বুলি সভাত জাতীয় সংগঠনৰ তৰফৰ পৰা ঘোষণা কৰা হয়।  

ঢকুৱাখনাৰ পৰা সামাজিক ব্যাধি স্বৰূপ মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ বেহা আৰু উপভোক্তাক উৎখাট কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে জিলা সম্পাদক অমৰজিত দলেয়ে। সময় থাকোতেই এনে অপশক্তিক মাৰাত্মক ড্ৰাগছ, ভাং, কানি ক্ৰয় বিক্ৰয় কৰা, যোগান ধৰা দুষ্কাৰ্য বন্ধ কৰাৰ সকীয়নী দি অন্যথা ভয়ংকৰ পৰিণাম ভূগিব লাগিব বুলি সোঁৱৰাই দিয়ে।

সমাজৰ পৰা এনে মাৰাত্মক বৰবিহ নিঃশেষ কৰি এখন সুস্থ, শৃংখলিত, শান্তিৰ সমাজ গঢ়াৰ এই অভিযানত সকলো অভিভাৱক, সমাজ সংগঠনৰ সহযোগিতা কামনা কৰিছে মিচিং জাতীয় সংগঠনে। উল্লেখযোগ্য যে খেৰকটা মহাবিদ্যালয় প্ৰাঙ্গনতো বৃহস্পতিবাৰে এই দিৱসৰ সতে সংগতি ৰাখি সজাগতা সভা অনুষ্ঠিত কৰা হয়।

ঢকুৱাখনা মাদক দ্ৰব্য অবৈধ সৰবৰাহ