জিলা প্ৰশাসনৰ উদ্যোগত বাসুগাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত, জিলা সমাজকল্যাণ বিভাগৰ সহযোগত বাসুগাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
জিলা প্ৰশাসনৰ উদ্যোগত বাসুগাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

ডিজিটেল সংবাদ, চিৰাং: আজি দুপৰীয়া চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজকল্যাণ বিভাগৰ সহযোগত বাসুগাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সঙ্গতি ৰাখি "নিচামুক্ত ভাৰত অভিযান" কাৰ্য্যসূচী পালন কৰা হয় । বাসুগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত  অধ্যক্ষ ৰণেন্দ্ৰ মুছাহাৰীৰ সভাপতিত্বত যুৱ সমাজৰ বাবে বৰবিহ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতামূলক সভাত আৰম্ভণিতে ড্ৰাগছৰ সেৱন আৰু ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে দেশখনক ড্ৰাগছ মুক্ত কৰিবলৈ সমূহীয়া শপত গ্ৰহণ কৰা হয়।

Advertisment

জিলা প্ৰশাসনৰ উদ্যোগত বাসুগাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা আজিৰ এই সজাগতামূলক সভাত নিষিদ্ধ ড্ৰাগছৰ ব্যৱহাৰ আৰু সৰবৰাহৰ কৰা কাৰ্য্যত জড়িত সকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আইনৰ আধাৰত কি কি শাস্তিৰ বিধান কৰা আছে সেই সন্দৰ্ভত বহুল তথ্য দাঙি ধৰে বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী জিলা জয়ন্ত কাকতিয়ে । তাৰ পিছত জ্যেষ্ঠ সাংবাদিক তথা স্বেচ্ছাসেৱী সংস্থা 'দিশা'ৰ সভাপতি জয়ন্ত দেৱনাথে ভাষণত যুৱ সমাজ কিদৰে নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰে আৰু ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি যুৱ সমাজ কিদৰে ধ্বংসৰ দিশে গতি কৰে তাৰ এক ভয়াবহ বাস্তৱ ছবি দাঙি ধৰাৰ প্ৰয়াস কৰে ।

এজন যুৱক নিষিদ্ধ ড্ৰাগছৰ কবলত পৰাৰ পিছত প্ৰথমে এটা পৰিয়াল পিছলৈ এখন সমাজত কিধৰণে বিৰূপ প্ৰভাৱ পৰে তাৰ ব্যাখ্যাও আগবঢ়ায়। সম্প্ৰতি চিৰিঞ্জৰ জৰিয়তে নিষিদ্ধ ড্ৰাগছ গ্ৰহণ কৰাৰ ফলত চিৰাং জিলাত এইছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ কবলৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আহ্বান জনায় ।

জিলা প্ৰশাসনৰ উদ্যোগত বাসুগাঁও মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

জিলা আয়ুক্ত যতীন বৰাই নিজৰ ভাষণত কয় যে, একাংশ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ আৰম্ভণি হয় পাণ, তামোলৰ দোকানতে সহজলভ্য গুটখাসহ অন্যান্য নিচাজাতীয় সামগ্ৰীৰ পৰা। পিছলৈ গৈ গৈ তেওঁৰ অজানিতেই সেই নিষিদ্ধ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰে । এবাৰ এই আসক্তি হোৱাৰ পিছত তাৰ পৰা ওলাই আহিব নোৱাৰে বুলি ড্ৰাগছৰ ভয়াবহতাৰ কথা উল্লেখ কৰে।

তেওঁ যুৱ সমাজক ধ্বংসৰ দিশে ঠেলি দিয়া ড্ৰাগছৰ পৰা নিজকে মুক্ত ৰখাৰ উপৰি নিজৰ বন্ধু, বান্ধৱ, সমাজ তথা দেশখনক ড্ৰাগছ মুক্ত কৰি ৰাখিবলৈ কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই ড্ৰাগছ সেৱন আৰু অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আয়োজন কৰা সজাগতামূলক সভাত অতিৰিক্ত আয়ুক্ত শিল্পীকা কলিতা, চিদলীৰ শিশু কল্যান আৰু সংহত কেন্দ্ৰৰ বিষয়া ৰূপম দাস, বাসুগাঁও মহাবিদ্যালয় উপাধ্যক্ষ ড০ ভাস্বতী,  সমাজকল্যাণ বিভাগৰ জিলা সমন্বয়ক শ্ৰাই শ্ৰাই ৱাৰীসহ বহু আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকে। আজিৰ কাৰ্য্যসূচীৰ আৰম্ভণিতে জিলা আয়ুক্ত যতীন বৰাই বাসুগাঁও মহাবিদ্যালয় চৌহদত এটা গছপুলিও ৰোপণ কৰে।

চিৰাং বাসুগাঁও মহাবিদ্যালয় মাদক দ্ৰব্য