'হাড়গিলা— দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক' লৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

'হাড়গিলা— দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক' লৈ আন্তঃৰাষ্ট্ৰীয় সন্মান...
'হাড়গিলা— দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক' লৈ আন্তঃৰাষ্ট্ৰীয় সন্মান...

ডিজিটেল সংবাদ গুৱাহাটীঃ প্ৰকৃতি প্ৰেমীসকলৰ লগতে ৰাজ্যবাসীৰ বাবে এক সুখবৰ। ক্রমাত বিলুপ্তি হ'বলৈ ধৰা হাড়গিলা' চৰাইৰ সংৰক্ষণৰ বাবে কামৰূপ জিলাৰ দদৰা আৰু পছৰীয়াৰ ৰাইজে বিগত কেইবাবছৰ ধৰি লোৱা প্ৰশংসনীয় পদক্ষেপৰ ওপৰত নিৰ্মাণ কৰা 'হাড়গিলা- দ্যা গ্রেটাৰ এডজুটেন্ট ষ্টৰ্ক' নামৰ চুটি তথ্য চিত্রখনিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত বিশেষ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

তদুপৰি তথ্যচিত্ৰখনে টাগোৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ আৰু দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তথ্যচিত্ৰখন নির্মাণ কৰিছে সু-লেখক, সাহিত্যিক, জ্যেষ্ঠ আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই।

পাই এণ্টাৰটেইনমেণ্টৰ বেনাৰত পার্থসাৰথি মহন্তৰ পৰিচালনাত নির্মিত তথ্যচিত্ৰখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই। তথ্যচিত্রখন মুম্বাই চুটি ছবি মহোৎসৱ, এছ অ' এফ এ চলচ্চিত্র মহোৎসৱ, একাদশ দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱ, টাগোৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, পুনে চুটি ছবি মহোৎসৱ আৰু বাইল্ড লাইফ কনজাৰভেচন চলচ্চিত্ৰ মহোৎসৱত ইতিমধ্যে প্রদর্শিত হৈছে৷

ইয়াৰে দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱ আৰু টাগোৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনে জুৰীৰ বিশেষ বঁটাৰে সন্মানিত হৈছে। এছ অ' এফ এ চলচ্চিত্র মহোৎসৱ চাইপ্ৰাছ আৰু ৱাইল্ড লাইফ কনজাৰভেচন চলচ্চিত্র মহোৎসৱ নিউয়র্কত অনুষ্ঠিত হৈছিল। অহা জানুৱাৰীত অনুষ্ঠিত হ'বলগা জয়পুৰ চলচ্চিত্ৰ মহোৎসৱতো প্রদর্শিত হ'ব টহাড়গিলা – দ্যা গ্রেটার এডজুটেন্ট ষ্টৰ্ক'।

তথ্যচিত্ৰখনৰ নিৰ্মাণ সম্পর্কে পৰিচালক মহন্তই জানিবলৈ দিয়া মতে হাড়গিলা চৰাইবিধ বিশ্বত এতিয়া বিলুপ্তিৰ পথত। এই চৰাইবিধ এতিয়াই সংৰক্ষণৰ ব্যৱস্থা নকৰিলে অদূৰ ভবিষ্যতে সমগ্ৰ বিশ্বৰ পৰাই ই বিলুপ্তি ঘটিব। অতি সৌভাগ্যৰ কথা যে কামৰূপ জিলাৰ দদৰা আৰু পছৰীয়া অঞ্চলৰ ওখ বিৰিখত সম্প্ৰতি দেখা যায় বিপন্ন প্ৰজাতিৰ হাড়গিলাসমূহ।

মহন্তই কয় যে, কিছু বছৰৰ আগতে বিশিষ্ট বন্যপ্রাণী প্রেমী পূর্ণিমা দেৱী বৰ্মনে চৰাইবিধৰ সংৰক্ষণৰ বাবে অঞ্চলটোত কাম আৰম্ভ কৰিছিল আৰু এই প্ৰচেষ্টাত কামৰূপ আৰক্ষীও ওতঃপ্রোতভাবে জড়িত হৈ পৰিছিল। এই প্রচেষ্টাত ৰাইজ, বিশেষকৈ অঞ্চলটোৰ মহিলাসকলক জড়িত কৰা হৈছিল।

মহিলাসকলে 'হাড়গিলা আৰ্মি' নামেৰে এটা গোট খুলি সকলোৱে দেহে কেহে আমাৰ লগত এইক্ষেত্ৰত আগবাঢ়ি গৈছিল। এই নিৰবচ্ছিন্ন প্রচেষ্টা বর্তমানেও অব্যাহত আছে। সুখৰ কথা যে এই দিশত বর্তমান যথেষ্ট সাফল্য অর্জন কৰা হৈছে।

হাড়গিলা চৰাই সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ প্রতিফলিত কৰি বিগত ৬ বছৰ ধৰি এই তথ্যচিত্ৰখন নিৰ্মাণ কৰি থকা হৈছিল। কিছুদিন পূৰ্বে ইয়াৰ নিৰ্মাণকার্য সম্পূর্ণ হৈ উঠিছে। চলচ্চিত্ৰখনৰ কাৰিকৰী দিশ চোৱা-চিতা কৰিছে সমুজ্জ্বল কাশ্যপে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in