চতিয়াত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন...

চতিয়াত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
চতিয়াত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলা স্থিত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন কৰা হয়৷ বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক ড্ৰাগছ বিৰোধী সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment
  User
User

যুৱ লেখ সাহিত্যিক, প্ৰাক্তন সাংবাদিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত বৰাই আঁত ধৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিশ্বনাথ জিলাৰ আইন সেৱা প্ৰাধিকৰণ দুগৰাকী অধিবক্তা মুনমী ভট্টাচাৰ্য্য আৰু পল্লবী বৰাই ড্ৰাগছ বিৰোধী সজাগতাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ইয়াৰ বিৰুদ্ধে সজাগ আৰু সচেতন হ'বলৈ ছাত্ৰ-ছাত্ৰী ও শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়।

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মল্লিকা ভূঞা আৰু চতিয়া থানাৰ আৰক্ষী বিষয়া মহাদেৱ নাথৰ লগতে ইটাখোলা ব্যৱসায়ী সন্থাৰ সভাপতি অনিল চাহ , গাওঁৰক্ষী বাহিনী সম্পাদক জগত শ্ৰীবাস্তৱকে ধৰি বহুকেইগৰকী গণ্য মাণ্য ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ড্ৰাগছ বিৰোধী সজাগতাৰ ওপৰত ইতিবাচক মন্তব্য আগবঢ়ায়। আইন সেৱা প্ৰাধিকৰণৰ সহযোগী দীপাংকৰ বৰা আৰু পিংকী তছাই ড্ৰাগছ বিৰোধী সজগতা অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হয়৷

Also Read: 'শ্ৰদ্ধা সুৰভি নিধি'ৰ সঞ্চালক ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ...

chatia