দুভাগত বিভক্ত হোৱাৰ উপক্ৰম প্ৰদেশ কংগ্ৰেছৰ...

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে। কিন্তু ইয়াৰ মাজতে কংগ্ৰেছত অব্যাহত আছে খহনীয়া। অসম প্ৰদেশ কংগ্ৰছো অতি শীঘ্ৰেই দুভাগত বিভক্ত হোৱাৰ সম্ভাৱণা আছে।

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ বিশেষ কমিটি

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় কংগ্ৰেছে দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছী দুৰ্গত খহনীয়া অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। সেই সময়তে অতি লক্ষ্যণীয় ভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰত উমি উমি জ্বলি থকা জুইৰ তীব্ৰতা ক্ৰমাৎ বৃদ্ধি পাইছে।

Advertisment

এই ক্ষেত্ৰত দুটা বিষয়ে বিশেষ প্ৰাধান্য লাভ কৰিছে। তাৰে প্ৰথমটো হ'ল শেহতীয়া ৰাজ্য় সভাৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিয়া অদৃশ্যমান কংগ্ৰেছী বিধায়কৰ প্ৰসংগ আৰু এ আই ইউ ডি এফৰে মিত্ৰতা নাকচ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৰা মন্তব্য।

উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যসভা নিৰ্বাচনৰ পাছতেই বিজেপি প্ৰাৰ্থীক ভোট দিয়া বহুকেইজন কংগ্ৰেছী বিধায়কে অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ চলিছিল যদিও প্ৰদেশ কংগ্ৰেছে এয়া নাকচ কৰিছিল।

কিন্তু কংগ্ৰেছৰ একাংশ নেতাই গাড্ডাৰ বিধায়ক সকলক চিনাক্ত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল। আনহাতে একাংশই এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ কুফল সমাগত লোকসভা নিৰ্বাচনত বাৰুকৈয়ে ভোগ কৰিব লাগিব বুলি আশংকা ব্যক্ত কৰি আজমল সন্দৰ্ভত নৰম স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে ভূপেন বৰাই এনে সম্ভাৱণা নাকচ কৰিছে।

সম্প্ৰতি এই বিষয়টো লৈ কংগ্ৰেছৰ আভ্যান্তৰত অসন্তুষ্টিয়েই নহয়, এক প্ৰকাৰ বিদ্ৰোহৰ সূচনা ঘটাইছিল। বহুকেইজন নেতাই ভূপেন বৰাৰ নেতৃত্বৰ যোগ্যতা সন্দৰ্ভতো প্ৰশ্ন তুলিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি ২৫ গৰাকী বিধায়কে ভূপেন বৰাক সাক্ষাৎ কৰি কেওটা বিষয় আলোচনাৰ বাবে তেওঁৰ সন্মতি বিচাৰিছে।

যদিও বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজত এনে আলোচনা অধিক ফলপ্ৰসূ নহ'ব বুলি মন্তব্য কৰি বিধানসভাৰ সামৰণিৰ পাছত এয়া অনুষ্ঠিত কৰাৰ প্ৰয়োজন বুলি ভূপেন বৰাৰ শিবিৰে মন্তব্য কৰিছে।

ইয়াৰ বিপৰীতে আজি বিধানসভাত উত্থাপন হ'বলগীয়া ১৩ খন বিধেয়ক সন্দৰ্ভত শাসক বিৰোধী উভয় পক্ষই বিভিন্ন বিষয়ত হুইপ জাৰি কৰিছে। সাম্প্ৰতিক ঘটনা ক্ৰমে এই কথা স্পষ্ট কৰিছে যে অহা কেইদিন মানৰ ভিতৰতে প্ৰদেশ কংগ্ৰেছত এক জোকাৰণিৰ সৃষ্টি হ'ব।

rahul gandhi aiudf bjp bhupen bora assam congress