/asomiyapratidin/media/media_files/2025/02/27/xdyZjudlxerQtlXpMwDf.jpg)
আন্ত: বিশ্ববিদ্যালয় উশ্বু প্ৰতিযোগিতা
ডিজিটেল সংবাদ, কোকৰাঝাৰ : পঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা সদৌ ভাৰত আন্ত: বিশ্ববিদ্যালয় উশ্বু প্ৰতিযোগিতাত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰি ৮টা পদক অৰ্জন কৰে। ইয়াৰে দুটা সোণ , এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে বড়োলেণ্ড বিশ্ববিদ্যালৰ ছাত্ৰী ডেইজী ৰাভাই সোণৰ পদক, ছাত্ৰী দমন্তী বৰ্মনে সোণৰ পদক , ছাত্ৰী চিবিকা ৰামচিয়াৰীয়ে ৰূপৰ পদক , ছাত্ৰ হেমশ্ৰাং ব্ৰহ্মই দুটা ব্ৰঞ্জৰ পদক, ছাত্ৰ কমল কুমাৰ বড়োৱে দুটা ব্ৰঞ্জৰ পদক আৰু ছাত্ৰী আজলী দৈমাৰীয়ে এটা ব্ৰঞ্জৰ পদক লাভ কৰি বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । ইপিনে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক প্ৰহ্লাদ বসুমতাৰীয়ে পদক বিজেতাসকললৈ শুভেচ্ছা জ্ঞাপন কৰি এয়া বিশ্ববিদ্যালয়খনৰ বাবে গৌৰৱৰ ক্ষণ বুলি উল্লেখ কৰে।