/asomiyapratidin/media/media_files/2026/01/06/nagaon-2026-01-06-21-58-34.jpg)
নগাঁও বিশ্ববিদ্যালয় Photograph: (social media)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সংগীত বিভাগৰ উদ্যোগত অহা ২৪ জানুৱাৰী, ২০২৬ত আন্তঃবিশ্ববিদ্যালয়-মহাবিদ্যালয়ভিত্তিক এখনি সংগীত প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷ এই বৰ্ষৰ বাবে প্ৰতিযোগিতাৰ বিষয় হিচাপে ‘‘জুবিন সংগীত’’ নিৰ্বাচিত কৰা হৈছে ৷
এখন বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ পৰা এজন প্ৰতিযোগীয়েহে অংশগ্ৰহণ কৰিব পাৰিব ৷ প্ৰতিযোগীসকলক আয়োজক সমিতিৰ তৰফৰ পৰা তবলা, পেড, কীব’ৰ্ড আৰু Accoustic গীটাৰ বাদ্যযন্ত্ৰীসহ প্ৰদান কৰা হ’ব ৷
ইচ্ছুক প্ৰতিযোগীয়ে নিজাববীয়াকৈ বাদ্যযন্ত্ৰ আৰু বাদ্যযন্ত্ৰী আনিব পাৰিব ৷ উক্ত চাৰিটা বাদ্যযন্ত্ৰৰ বাহিৰে আন কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰতিযোগীসকলে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা অনা প্ৰমাণ পত্ৰ জমা দিব লাগিব ৷
প্ৰতিযোগীসকলে আয়োজক সমিতিয়ে নিৰ্বাচিত কৰি দিয়া গীতহে পৰিৱেশন কৰিব পাৰিব ৷ প্ৰতিযোগিতাত গীতৰ স্থায়ী আৰু প্ৰথম অন্তৰাটোহে পৰিৱেশন কৰাৰ সুযোগ পাব ৷
প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এনেধৰণৰ-
প্ৰথম পুৰস্কাৰ ৩৩,৩৩৩.০০ টকা, মানপত্ৰ আৰু ট্ৰফী
দ্বিতীয় পুৰস্কাৰ ২২,২২২.০০ টকা, মানপত্ৰ আৰু ট্ৰফী
তৃতীয় পুৰস্কাৰ ১১,১১১.০০ টকা, মানপত্ৰ আৰু ট্ৰফী ৷
লগতে চতুৰ্থ আৰু পঞ্চম স্থানৰ প্ৰতিযোগীক বিচাৰকৰ বিশেষ বঁটা হিচাপে ৫৫৫৫.০০ টকা আৰু মান পত্ৰ প্ৰদান কৰা হ’ব ৷ প্ৰতিযোগীসকলক যাতায়ত আৰু থকাৰ সুবিধা প্ৰদান কৰা নহ’ব ৷ প্ৰতিযোগীসকলে অহা ২০ জানুৱাৰীৰ ভিতৰত ৯৮৬৪৭৯০২৯৯, ৬০০১১৯১৭৩৭ নম্বৰত Whatsahp যোগে অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ৷
২৪ জানুৱাৰী তাৰিখে পুৱা ৯.০০ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ হ’ব ৷ বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ’ব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us