দেওবাৰৰ পৰা আৰম্ভ হ'ব আন্তঃ ষষ্ঠ অনুসূচীত স্বায়ত্ব পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২...

author-image
Asomiya Pratidin
New Update
দেওবাৰৰ পৰা আৰম্ভ হ'ব আন্তঃ ষষ্ঠ অনুসূচীত স্বায়ত্ব পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২...

bodoland

ডিজিটেল সংবাদ চিৰাংঃ দেওবাৰৰ পৰা ওদালগুৰিৰ ডিমাকুছিত অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ দহটা ষষ্ঠ অনুসূচীত স্বায়ত্ব শাসিত পৰিষদৰ অংশগ্ৰহণেৰে আন্তঃ ষষ্ঠ অনুসূচীত স্বায়ত্ব পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২। সেয়ে আজি প্ৰতিযোগিতাখনৰ আয়োজক দল বড়োলেণ্ড ফুটবল দলে দলটোৰ জাৰ্ছী আনুষ্ঠানিক ভাৱে মুকলি কৰে।

Advertisment

শনিবাৰে চিৰাং জিলা সদৰ কাজলগাঁওস্থিত বনবিভাগৰ দুৱাৰ্চ অতিথিশালাত এক সংবাদ মেলৰ জৰিয়তে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ অ এচ ডি ড০ ছাংগ্ৰাং ব্ৰহ্ম, বড়োলেণ্ড ফুটবল দলৰ মুখ্য প্ৰশিক্ষক বিক্ৰান্ত শৰ্মা, অধিনায়ক দিদৌম হাজোৱাৰীসহ অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত বড়োলেণ্ড ফুটবল দলৰ হালধীয়া আৰু নীলা ৰঙৰ দুটাকৈ অফিচিয়েল জাৰ্ছী মুকলি কৰে ।

প্ৰথমবাৰৰ বাবে বি টি চি প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ দহটা ষষ্ঠ অনুসূচীত স্বায়ত্ব শাসিত পৰিষদৰ দলে অংশগ্ৰহণ কৰিবলগীয়া আন্তঃ ষষ্ঠ অনুসূচীত স্বায়ত্ব পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২ ত বড়োলেণ্ড ফুটবল দলক সমৰ্থন আগবঢ়াবলৈ ক্ৰীড়াপ্ৰেমী ৰাইজক আহ্বান জনায় ব্ৰহ্মই ।

bodoland btr pramod boro btc
News Hub