/asomiyapratidin/media/media_files/2025/02/23/t3qYds5TnwNMNRNOTMy7.jpg)
নগাঁৱত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতাৰ সামৰণি
ডিজিটেল সংবাদ, নগাঁও : অসম হকী আৰু নগাঁও ক্ৰীড়া সংন্থাৰ যৌথ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত ২৩ ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হৈছে ১৫ সংখ্যক অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনি দেওবাৰে সফলভাৱে সামৰণি পৰে।
/asomiyapratidin/media/media_files/2025/02/23/AVXafvoY58qPOfj3EkMk.jpg)
উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত নগাঁৱকে ধৰি অংশগ্ৰহণ কৰা দলসমূহ আছিল ডিফেণ্ডিং চেম্পিয়ন ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, লখিমপুৰ, ধেমাজি, তেজপুৰ, ওডালগুৰি, গুৱাহাটী, কৰিমগঞ্জ, ভেৰগাঁও আৰু বঙাইগাঁও।
/asomiyapratidin/media/media_files/2025/02/23/W8rxQoYsTg8S5mCQJYrG.jpg)
দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত ডিব্ৰুগড়(নাহৰকটিয়াই)নগাঁৱক ৫-১ গলত পৰাস্ত কৰি জয়লাভ কৰে । সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/02/23/ETRpSIIvhnlKsrUGEgIi.jpg)
তেওঁলোক হৈছে- নগাঁৱৰ সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মা , অসম অলিম্পিক সন্থাৰ উপ সভাপতি সুবোধমল্ল বৰুৱা, নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, দেবাশীষ বৰা, অঞ্জলি খাউণ্ড, কল্যাণী ডেকা, হিৰণ্য বৰা, উজ্জল বৰুৱা, মোহন চন্দ্ৰ বৰা, সমীৰ হাজৰিকা, প্ৰশান্ত দাস ।
/asomiyapratidin/media/media_files/2025/02/23/Y0oEjABEoDaHrsEtXR4V.jpg)