Advertisment

আন্তঃজিলা ৰছী টনা প্ৰতিযোগিতা : শোণিতপুৰলৈ শ্ৰেষ্ঠ জিলাৰ সন্মান

শিৱসাগৰ জিলা ৰছী টনা সন্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিক ত্ৰয়োদশ সংখ্যক ৰছী টনা খেল প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
sports

sports

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ জিলা ৰছী টনা সন্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিক ত্ৰয়োদশ সংখ্যক ৰছী টনা খেল প্ৰতিযোগিতা। এই প্ৰতিযোগিখনৰ দেওবাৰে বৰ্ডিং খেলপথাৰত সফলভাৱে সামৰণি পৰে। 

Advertisment
sivsagar
sivsagar

 

উল্লেখ্য যে প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যায়ৰ প্ৰতিষ্ঠাপক উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়াই। প্ৰয়াত চাৰু মহন্ত আৰু কীৰ্তি দত্ত স্মৃতিত স্মৃতি তৰ্পণ কৰে ইণ্ডাটিয়েল আৰ্টৰ স্বত্বাধিকাৰী লাকী মহন্তই।

 

ধ্ৰুৱজ্যোতি বৰঠাকুৰ আৰু বসন্ত সন্দিকৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ "ৰণন'' উন্মোচন কৰে জিতেন বৰঠাকুৰে। ইয়াৰ পিছতে সদৌ অসম ৰছী টনা সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে ৰাজ্যিক সমিতিৰ পতাকা উত্তোলন কৰাৰ অন্তত শিৱসাগৰ জিলাৰ পতাকাৰ লগতে অন্য জিলাৰ পতাকা পৰ্যায়ৰ ক্ৰমে উত্তোলন কৰা হয়। 

sivsagar
sivsagar

 

কামৰূপ, নগাঁও, শোণিতপুৰ, ডিমাহাচাও, ওদালগুৰী,কাৰ্বি আংলং, বোকাখাত, ধনশিৰী, গোলাঘাট, যোৰহাট, চৰাইদেউ, শিৱসাগৰ আদি কৰি অসমৰ মুঠ ২২ টা দলে অংশগ্রহণ কৰে প্ৰতিযোগিতাখনত। ল'ৰাৰ ১৩টা দল আৰু ছোৱালীৰ ৯ টা দলে অংশগ্রহণ কৰে প্ৰতিযোগিতাত।

খেলসমূহ পৰিচালনা কৰে ক্ৰমে বিবেকা হাজৰিকা, উৎপল বৰা, জীৱন ফুকন, নিত্যানন্দ শইকীয়া, জয়ন্ত মেধি, পবিত্র বৰগোহাঁই, মনোজ আদিত্য বৰা, সমীৰণ বৰা, জীৱন খনিকৰ, অৰূপ জ্যোতি কলিতা, লক্ষণ হানচা,অসীম দত্তই।

sivsagar
sivsagar

 

 তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত পুৰুষৰ কামৰূপ জিলা আৰু মহিলাৰ গোলাঘাট জিলা চেম্পিয়ন হয়। পুৰুষৰ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে গোলাঘাট আৰু শোণিতপুৰ জিলাই।

মহিলাৰ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে শোণিতপুৰ আৰু ডিমা হাছাও জিলাই। শ্ৰেষ্ঠ ডিচিপ্লিন দলৰ সন্মান লাভ কৰে শোণিতপুৰ জিলাই। সদৌ অসম ৰছী টনা সন্থাৰ বিষয়ববীয়া, জিলা সন্থাৰ বিষয়ববীয়া আৰু আয়োজকসকলৰ উপস্থিতিত বিজয়ী আৰু বিজিত দলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয়।

Assam Sports