/asomiyapratidin/media/media_files/2024/12/27/EB0NISgHNMhClK6b39nw.jpg)
ডিজিটেল ডেস্কঃকোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৩০ সংখ্যক আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপত ৩২খন ক্ৰীড়া জিলাৰ ১২০০ৰো অধিক প্ৰবীণ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে।
/asomiyapratidin/media/media_files/2024/12/27/KCb7iWEuY3cYglu93PzX.jpg)
প্ৰতিযোগিতাখনিত ৯০ বছৰৰ খেলুৱৈ ৫ গৰাকী আৰু ৯৫ বছৰীয়া খেলুৱৈ এগৰাকীয়ে অংশগ্ৰহণ কৰিছে । উক্ত প্ৰতিযোগিতাখনি আজি ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । খেল উদ্বোধন কৰি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে প্ৰবীণ খেলুৱৈয়ে জীৱনৰ সকলো প্ৰত্যাহ্বানক জয়ী কৰিছে । এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচিত প্ৰবীণ খেলুৱৈ সকল ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব।
/asomiyapratidin/media/media_files/2024/12/27/C7rM62s7eNzGs5KNxIIt.jpg)
প্ৰতিযোগিতাখনিয়ে কোকৰাঝাৰৰ লগতে সমগ্ৰ বিটিআৰত ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী ব্ৰহ্মই ।ইপিনে উক্ত অনুষ্ঠানত উপস্থিত থাকি বিধায়ক লৰেন্স ইছলাৰীয়ে ১২ টা শাখাত খেলসমুহ অনুষ্ঠিত হ'ব বুলি সদৰি কৰি প্ৰতিযোগিতাখনৰ সফলতা কামনা কৰিছে । 
আনহাতে সদৌ অসম মাষ্টাৰ্ছ এথলেটিক সন্থাৰ সভাপতি মাগুৰাম বালাৰীয়েও আজিৰ অনু্ষ্ঠানত উপস্থিত থাকি খেলে বৃদ্ধ বয়সতো দেহক সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে বুলি মন্তব্য কৰি খেল অনুপ্ৰেৰণা যোগোৱা এক মাধ্যম বুলি মন্তব্য আগবঢ়াই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us