/asomiyapratidin/media/media_files/2025/03/22/yc7y1dFat6fgJMWv7UmN.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ পুৰণি ফেৰী ঘাটত শনিবাৰৰ পৰা আৰম্ভ হৈছে পুৰুষ-মহিলা আন্তঃজিলা বীচ্ছ ভলীবল প্ৰতিযোগিতা । অসম ভলীবল সন্থাৰ পৰিচালনাত আৰু ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ প্ৰথম খেলখন দক্ষিণ কামৰূপ আৰু তামুলপুৰ জিলাৰ মাজত আৰম্ভ হৈছে ।
আন্তঃজিলা ভলীবল প্ৰতিযোগিতাৰ আজিৰ শুভাৰম্ভণি অনুষ্ঠানত অসম ভলীবল সন্থাৰ সম্পাদক পুতুল বৰুৱাৰ লগতে ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ সদস্যসকল আৰু স্থানীয় বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে । অসমৰ কেবাটাও জিলাই এই প্ৰতিযোগিতাত অংশ লৈছে বুলি জানিব পৰা গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us