/asomiyapratidin/media/media_files/2024/12/03/S6XQhgrShhHt1VGrBGRk.jpg)
ডিজিটেল সংবাদ, যোৰহাট : যোৰহাট কুশল কোঁৱৰ ইনড’ৰ ষ্টেডিয়ামত অসম টেবুল টেনিছ সংস্থাৰ সহযোগত যোৰহাট জিলা টেবুল টেনিছ সংস্থাৰ উদ্যোগত আয়োজিত ৭২ সংখ্যক আন্তঃজিলা আৰু অসম ৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি সোমবাৰে নিশা সফলতাৰে সামৰণী পৰে। ৰাজ্যৰ ১৫খন জিলাৰ পৰা ৫ শতাধিকৰো অধিক প্ৰতিযোগীয়ে যোগদান কৰে এই প্ৰতিযোগিতাখনত।
প্ৰতিযোগিতাখনত বিভিন্ন শাখাৰ ফলাফল অনুসৰি ক্ৰমে ১৩ বছৰ অনূৰ্ধ্ব ছোৱালীৰ দলীয় শাখাত শিলচৰ দলে গুৱাহাটী দলক ৩-১ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়। একেদৰে ১৩ বছৰ অনূৰ্ধ্ব ল’ৰাৰ দলীয় শাখাত ডিব্ৰুগড় দলে শিৱসাগৰ দলক ৩-২ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়।
আনহাতে ১৫ বছৰ অনূৰ্ধ্ব ছোৱালীৰ দলীয় শাখাত গুৱাহাটী দলে শিলচৰ দলক ৩-১ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হোৱাৰ বিপৰীতে ১৫ বছৰ অনূৰ্ধ্ব ল’ৰাৰ দলীয় শাখাত গুৱাহাটী দলে শিৱসাগৰ দলক ৩-১ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়। ইফালে অ’মেনছ শাখাত অইলৰ তৃষ্ণা গগৈয়ে গুৱাহাটীৰ গাৰ্গী শইকীয়াক ৪-০ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়।
ইয়াৰোপৰি মেনছ শাখাত গুৱাহাটীৰ প্ৰিয়ানুজ ভট্ৰাচাৰ্যই গুৱাহাটীৰে শাংকৱ বৰুৱাক ৪-০ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়। আনহাতে ১৯ বছৰ অনূৰ্ধ্ব ছোৱালীৰ শাখাত গুৱাহাটীৰ ভূমিকা কৌশিকে গুৱাহাটীৰে গাৰ্গী শইকীয়াক ৪-২ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়।
অন্যহাতে ১৯ বছৰ অনূৰ্ধ্ব ল’ৰাৰ শাখাত গুৱাহাটীৰ দিভ্যাজ আৰ ৰয়ে গুৱাহাটীৰে প্ৰিয়ানুজ ভট্ৰাচাৰ্যক ৪-২ পৰাজিত কৰি চেম্পিয়ন হয়। ১৭ বছৰ অনূৰ্ধ্ব ছোৱালীৰ শাখাত গুৱাহাটীৰ গাৰ্গী শইকীয়াই গুৱাহাটীৰে ছায়াশ্ৰী কাকতিক ৩-১ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়।
লগতে ১৭ বছৰ অনূৰ্ধ্ব ল’ৰাৰ শাখাত গুৱাহাটীৰ প্ৰিয়ানুজ ভট্ৰাচাৰ্যই গুৱাহাটীৰে দিভ্যাজ আৰ ৰয়ক ৪-২ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়। ১৫ বছৰ অনূৰ্ধ্ব ছোৱালীৰ শাখাত শিলচৰৰ দিভিজা পলে গুৱাহাটীৰ অকশিতা ৰয়ক ৩-০ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হোৱাৰ বিপৰীতে ১৫ বছৰ অনূৰ্ধ্ব ল’ৰাৰ শাখাত গুৱাহাটীৰ অভিক কাশ্যপে শিৱসাগৰৰ ঋষি বৰগোহাঁইক ৩-০ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়।
ইফালে ১৩ বছৰ অনূৰ্ধ্ব ছোৱালীৰ শাখাত শিলচৰৰ দিভিজা পলে গুৱাহাটীৰ ঈশানী গগৈক ৩-০ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়। একেদৰে ১৩ বছৰ অনূৰ্ধ্ব ল’ৰাৰ শাখাত ডিব্ৰুগড়ৰ আদ্ৰিখ গগৈয়ে শিৱসাগৰৰ সম্পুৰণ দত্তক ৩-১ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়।
আনহাতে ১১ বছৰ অনূৰ্ধ্ব ছোৱালীৰ শাখাত শিলচৰৰ দিভিজা পলে গুৱাহাটীৰ নাফিচা ৰাজিয়াক ৩-০ পইণ্টত পৰাজিত কৰি চেম্পিয়ন হয়। ১১ বছৰ অনূৰ্ধ্ব ল’ৰাৰ শাখাত শিলচৰৰ বিপ্ৰজিৎ পলে ডিব্ৰুগড়ৰ নিৰভেশ শইকীয়াক ৩-১ পইণ্টত পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে।
উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে গুৱাহাটী দলে। ইফালে প্ৰতিযোগিতাখনত শিৱসাগৰ দলেও সামগ্ৰীকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়ায়।