Advertisment

সদৌ কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয়ৰ কাৰ্বি জূটাং সমাৰোহৰ সামৰণি..

লগতে সমাৰোহত বিভিন্ন বিপনী মহিলা সকলে প্ৰদৰ্শন কৰে ৷জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰা কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নৃত্য-গীত আদিৰ লগতে বিভিন্ন খেল প্ৰদৰ্শন কৰে ৷

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ বৈঠাতলাংচ চেৰদিহুন আক্লামত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অষ্টম সদৌ কাৰ্বি আংলং আন্তঃ মহাবিদ্যালয়ৰ কাৰ্বি জূটাং সমাৰোহ প্ৰতিযোগিতাৰ উলহ-মালহেৰে সফল সামৰণি পৰে ।

Advertisment

কাৰ্বি ল'কাচাৰলি জূটাং আটেৰাং সহযোগত অনুষ্ঠিত কৰা হৈছিল উক্ত সমাৰোহ । কাৰ্যসূচীত কাৰ্বি পৰম্পৰাৰ নৃত্য -গীত, খেল,কুইজ প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

লগতে সমাৰোহত বিভিন্ন বিপনী মহিলা সকলে প্ৰদৰ্শন কৰে ৷জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰা কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নৃত্য-গীত আদিৰ লগতে বিভিন্ন খেল প্ৰদৰ্শন কৰে ৷

সমাৰোহৰ সাফল্যমণ্ডিত সহযোগ কৰে কাৰ্বি সাংস্কৃতিক সমাজ ৱৈথাতলাংছ শাখা, কাৰ্বি লামেট আমেই পশ্চিম কাৰ্বি আংলং ।

সামৰণি কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক ৰোপ চিং টেৰন। সংগ দিয়ে উদযাপন সমিতিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কৰ বিভাগৰ অধ্যক্ষ লিপচন বেৰ লগতে স্থানীয় গণ্য মান্য ব্যক্তি সকল ।

বৈঠালাংছ