/asomiyapratidin/media/media_files/2025/02/14/xRxPZCsn9VdhvBqifTjv.jpg)
মাৰ্ঘেৰিটাত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযা
ডিজিটেল সংবাদ,মাৰ্ঘেৰিটা : দিনক দিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনা সম্পৰ্কে ৰাইজক সজাগ আৰু সচেতন কৰাৰ বাবে মাৰ্ঘেৰিটাত শুকুৰবাৰে এক সজাগতা অভিযান চলোৱা হয়। মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াৰ হিলভিউস্থিত ইক পাৰ্কৰ সমীপত মাৰ্ঘেৰিটা আৰক্ষী থানা নাগৰিক সমিতিৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযান চলোৱা হয়।
ট্ৰেফিক আইন পালন কৰি পথত যান বাহন চলোৱা ব্যক্তিসকলক উদ্যোক্তা সমিতিৰ তৰফৰ পৰা এটিকৈ গছ পুলিৰে উদগনি জনোৱা হয়। উক্ত কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ পৰিবহন বিষয়া কানাই মহন্ত, মাৰ্ঘেৰিটা থানা নাগৰিক সভাপতি সীমান্ত মাধৱ কটকী, মাৰ্ঘেৰিটা থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈসহ তিনিচুকীয়া পৰিবহন বিভাগৰ বহু সংখ্যক বিষয়া কৰ্মচাৰী লগতে অঞ্চলটো বহু গণ্য-মান্য ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে।
সভাত পৰিবহন বিষয়া মহন্তই পথ সজাগতা সন্দৰ্ভত সকলোৰে সহযোগিতা কামনা কৰে।