নৱ-প্ৰজন্মৰ জীৱন সুৰক্ষিত কৰাৰ লক্ষ্যৰে ইনষ্টাগ্ৰামত নতুন সুবিধা…

নৱ-প্ৰজন্মৰ জীৱন সুৰক্ষিত কৰাৰ লক্ষ্যৰে ইনষ্টাগ্ৰামত নতুন সুবিধা…

author-image
asomiyapratidin
New Update
নৱ-প্ৰজন্মৰ জীৱন সুৰক্ষিত কৰাৰ লক্ষ্যৰে ইনষ্টাগ্ৰামত নতুন সুবিধা…

ডিজিটেল ডেস্কঃ ছ'চিয়েল নেটৱৰ্কিং ছাইট ইনষ্টাগ্ৰামত নিজক আঘাত দিয়া, হিংসাত্মক আৰু আপত্তিজনক যিকোনো তথ্য নাবালিকৰ দৃষ্টিৰ পৰা দূৰৈত ৰাখিবৰ বাবে 'ছেন্সিটিব স্ক্ৰীন' ফিচ্চৰৰ সুবিধা শীঘ্ৰে উপলবদ্ধ কৰোৱা হ'ব। যাৰ দ্বাৰা আপত্তিজনক ফটো, ভিডিঅ' আদি ব্লাৰ (Blur) হৈ থাকিব, যেতিয়ালৈকে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে সেই ফটো বা ভিডিঅ'টোত ক্লিক নকৰে।

Advertisment

'বোগ ড'ট ক' ড'ট ইউকে'ৰ এক সমীক্ষা অনুসৰি, ভাৰতীয় ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰোৱা এই নতুন ফিচ্চৰে কটা বা নিজক আঘাত হনা যিকোনো ফটোক ব্ল'ক কৰি দিব। কাৰণ ইয়াৰ দ্বাৰা নাবালিক ব্যৱহাৰকাৰীসকলে নিজৰ শাৰীৰত আঘাত হনাৰ সম্ভাৱনা অধিক।

ইনষ্টাগ্ৰামৰ প্ৰমুখ এডম মুছেৰীয়ে কয়- 'দ্য টেলিগ্ৰাফ'লৈ লিখা এক পত্ৰত 'ছেন্সিটিব স্ক্ৰীন' আৰম্ভ কৰাৰ ঘোষণা কৰি এগৰাকী ব্ৰিটিছ কিশোৰীৰ আত্মহত্যা কৰা সন্দৰ্ভত শোক প্ৰকাশ কৰে। মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ফটো শ্বেৰিং এপত নিজে শাৰীৰিকভাৱে আঘাত হনাৰ আৰু আত্মহত্যা কৰা সময়ৰ সমগ্ৰ তথ্য দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছে ইনষ্টাগ্ৰামৰ বিৰুদ্ধে।