ডিজিটেল সংবাদ,বোকাখাতঃ সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰি পৰিৱেশন, আৰ.টি. আই কৰ্মী ৰুহিত চৌধুৰীৰ এলানী তথ্য উন্মোচন আদিৰ প্ৰভাৱত বোকাখাতৰ লতাবাৰীস্থিত ডাম্পিং গ্ৰাউণ্ডক অন্য ঠাইলৈ উঠাই নিবলৈ নিৰ্দেশ কৰ্তৃপক্ষৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰদূষণৰ অন্যতম কাৰক হৈ উঠা ডাম্পিং গ্ৰাউণ্ডক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই।
যোৱা ১০ ছেপ্তেম্বৰ, ২০২৪ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড⁰ সোনালী ঘোষ স্বাক্ষৰিত এখন পত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিপদ কঢ়িয়াই অনাৰ বাবেই এই ডাম্পিং গ্ৰাউণ্ডক অন্য ঠাইলৈ উঠাই নিবলৈ বোকাখাত পৌৰ সভালৈ এই নিৰ্দেশ দিয়া হৈছিল।
লতাবাৰী ডাম্পিং গ্ৰাউণ্ডে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ যোৱা আৰু উদ্যানখনৰ হৃৎপৃণ্ড স্বৰূপ ডিফলু নদীক ভয়াবহ ভাৱে প্ৰদুষিত কৰি উদ্যানখনৰ জীৱকুললৈ অশনি সংকেট কঢ়িয়াই আনিছে। ইয়াৰ উপৰিও লতাবাৰী অঞ্চলৰ বৃহত্তৰ কৃষি পথাৰলৈও বিয়পাইছিল ভয়াবহ প্ৰদূষণ।
উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙাৰেই হৃৎপৃণ্ড বুলি পৰিচিত ডিফলু নদীলৈ ভয়াবহ ভাবুকি কঢ়িয়াই অনা বোকাখাতৰ লতাবাৰীস্থিত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বাবে লোৱা হোৱা নাছিল কোনো চৰকাৰী অনুমতি। এই ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বাবে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা কোনো অনুমতি লোৱা নাছিল তদানীন্তন বোকাখাত পৌৰ সভাই ।
এই ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বোকাখাত পৌৰ সভাৰ পৰা পোৱা নাছিল কোনো পত্ৰ। এইফালে এই ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণৰ লগে লগেই বোকাখাত পৌৰ সভাই ভংগ কৰিছিল Solid Waste Management Rules (SWMR), 2016। যোৱা ২৯ আগষ্ট,২০২৪ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছিল RTI কৰ্মী ৰুহিত চৌধুৰীয়ে।
ইয়াৰ উপৰিও ২০১৬ -১৭ চনতে স্থাপন কৰা এই ডাম্পিং গ্ৰাউণ্ডটোৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছিল। ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা উন্নয়ন পুঁজি ১কোটি ৫২ লাখ ৭৪ হাজাৰ টকা সৰকাই নিয়াৰ অভিযোগ উঠিছিল তদানীন্তন বোকাখাত পৌৰসভাৰ একাংশ বিষয়ববীয়াৰ বিৰুদ্ধে ।
কিন্তু দুৰ্ভাগ্যবশত যোৱা ১০/৯/২৪ তাৰিখ অৰ্থাৎ তিনিমাহ পূৰ্বেই প্ৰেৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড⁰ সোনালী ঘোষ স্বাক্ষৰিত নিৰ্দেশ পত্ৰখনলৈ কানসাৰ কৰা নাই বোকাখাত পৌৰসভাৰ। বৰং এতিয়াও ডাম্পিং গ্ৰাউণ্ড খনৰ আন্তঃগাঠনি কাম নতুনকৈ নিৰ্মাণ কৰি থকাহে পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰে আগষ্ট মাহত বোকাখাত নগৰৰ স্বচ্ছতাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে স্বচ্ছ ভাৰত অভিযান, নগৰীয়া ২.০ৰ অধীনত বোকাখাতৰ লতাবাৰীস্থিত উক্ত ডাম্পিং গ্ৰাউণ্ডতে ৫৫.৩৬ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এটা বিজ্ঞানসন্মত জাৱৰ নিষ্কাষণ প্ৰকল্পৰ আধাৰশিলা পুনৰ স্থাপন কৰিছিল কেবিনেট মন্ত্ৰী অতুল বৰাই।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লতাবাৰী ডাম্পিং গ্ৰাউণ্ড খনে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে বুলি স্পষ্ট হোৱাৰ পাছতো ৰহস্যজনক কাৰণত উক্ত স্থানতে ডাম্পিং গ্ৰাউণ্ডৰ আন্তঃগাঠনিৰ বাবে উঠি-পৰি লাগিছে বোকাখাত পৌৰসভা।
প্ৰথমে ১কোটি ৫২ লাখ ৭৪ হাজাৰৰ বৃহৎ পুঁজিৰ পাছত এইবাৰ ৫৫.৩৬ লাখ টকাৰ এই বৃহৎ ৰাজহুৱা ধনৰ অপচয়ৰ বাবে বোকাখাত পৌৰসভা কিয় উঠিপৰি লাগিছে এই লৈ সন্দেহ ব্যক্ত কৰিছে সচেতন মহলে।