Advertisment

মৰিগাঁৱত তিৱা সাহিত্য সভাৰ লাই খুঁটা স্থাপন....

আগন্তুক ২০২৫ চনৰ মাৰ্চ মাহৰ ২১, ২২ আৰু ২৩ তাৰিখে অনুষ্ঠিত হ’ব তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন । এই উপলক্ষে ১৩ সংখ্যক তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় ঔজাৰী অধিৱেশনৰ দেওবাৰে ঔজাৰীৰ জেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰত লাই খুঁটা স্থাপন কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মৰিগাঁওঃ  আগন্তুক ২০২৫ চনৰ মাৰ্চ মাহৰ ২১, ২২ আৰু ২৩ তাৰিখে অনুষ্ঠিত হব তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন । এই উপলক্ষে ১৩ সংখ্যক তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় ঔজাৰী অধিৱেশনৰ দেওবাৰে ঔজাৰীৰ জেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰত লাই খুঁটা স্থাপন কৰা হয় ৷

Advertisment

সম্পূৰ্ণ তিৱা পৰম্পৰাগত পূজা পাতলৰ নিয়মেৰে লাই খুটাঁ স্থাপন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ অনুষ্ঠানতটিত উপস্থিত থাকে তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱঁৰ আৰু পৰিষদৰ বহু কেইজন কাৰ্যবাহী সদস্যৰ লগতে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন্দ্ৰনাথ বৰদলৈ আৰু সম্পাদক ড° বিদুৎ বিকাশ সেনাপতি ৷

লগতে উপস্থিত থাকে ঐতিহাসিক জোনবিল মেলাৰ তিৱা ৰাজদৰবাৰৰ সভাপতি জুৰচিং বৰদলৈ ৷ লগতে তিৱা সাহিত্য সভাৰ ধেমাজী, নগাঁও, কামৰূপ, কাৰ্বি আংলং, নগাঁও আৰু মৰিগাঁও আদি বিভিন্ন জিলা সমিতিৰ তিৱা সাহিত্য সভাৰ বিষয়ববীয়া সকল ৷

তিৱা