Advertisment

কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ লাই খুঁটা স্থাপন..

আগন্তুক ২৮ আৰু ২৯ ডিচেম্বৰত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ নিকটৱৰ্তী জালজুৰিত অনুষ্ঠিত হ'ব কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাওৰাঘাটঃ   আগন্তুক ২৮ আৰু ২৯ ডিচেম্বৰত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ নিকটৱৰ্তী জালজুৰিত অনুষ্ঠিত হ'ব কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন । সেই উপলক্ষে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ ৪৯ সংখ্যক আৰু জিলা বড়ো হাৰিমু আফাদৰ ২২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল মণ্ডপৰ লাই খুঁটা স্থাপন কৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি অৰবিন্দ উজিৰে ।

Advertisment

0

উল্লেখ্য যে দেওবাৰে সুন্দৰ ফৰকাল বতৰত বড়ো সমাজৰ পৰম্পৰাগত পূজা অৰ্চনাৰে আৰম্ভ কৰা লাই খুঁটা স্থাপন অনুষ্ঠানত কাৰ্বি আংলং জিলা বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দ, স্হানীয় বহুতো গন্যমাণ্য ব্যক্তিৰ লগতে স্হানীয় ৰাইজ উপস্থিত থাকে ।

 

হাওৰাঘাট