আঠখেলীয়া আঞ্চলিক সপ্তবিংশতিতম বাৰ্ষিক শ্ৰীমদ্ভাগৱত পাঠৰ লাইখুঁটা স্থাপন

গোলাঘাট জিলাৰ আঠখেলীয়া অঞ্চলৰ আধ্যাত্মিক অনুষ্ঠান আঠখেলীয়া আঞ্চলিক সপ্তবিংশতিতম শ্ৰীমদ্ভাগৱত পাঠভাগি এইবাৰ শ্ৰীশ্ৰীনাঁওবৈছা হাবিচুক নামঘৰ অনুষ্ঠিত হ'ব

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বাৰ্ষিক শ্ৰীমদ্ভাগৱত পাঠ

বাৰ্ষিক শ্ৰীমদ্ভাগৱত পাঠ

ডিজিটেল সংবাদ,ঘিলাধাৰী : গোলাঘাট জিলাৰ আঠখেলীয়া অঞ্চলৰ আধ্যাত্মিক অনুষ্ঠান আঠখেলীয়া আঞ্চলিক সপ্তবিংশতিতম শ্ৰীমদ্ভাগৱত পাঠভাগি এইবাৰ শ্ৰীশ্ৰীনাঁওবৈছা হাবিচুক নামঘৰ অনুষ্ঠিত হ'ব ৷ উদ্যোক্তাই জনোৱা অনুসৰি ৬ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ অনুষ্ঠিত হ'ব শ্ৰীমদ্ভাগৱত পাঠ।

Advertisment

সেয়ে শুকুৰবাৰে শ্ৰীশ্ৰীনাওবৈছা হাবিচুক গাঁৱৰ সমীপৰ স্থানত ভকত-বৈষ্ণৱ আৰু ৰাইজৰ উপস্থিতিত গায়ন-বায়ন আৰু মাংগলিক ধ্বনিৰে লাইখুঁটা স্থাপন কৰা হয় ৷ উদযাপন সমিতিয়ে ভাগৱত পাঠৰ আটাইকেইটা দিনত সকলো ৰাইজৰ সহায়- সহযোগিতা কামনা কৰিছে ৷

গোলাঘাট