ভাৰতীয় নৌসেনাই লাভ কৰিলে দেশত নিৰ্মিত প্ৰথমখন ডি এছ ভি আই এন এছ জাহাজ

এই জাহাজখনে সাগৰৰ একেবাৰে তলিৰ পৰা উদ্ধাৰ অভিযান চলাব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এইধৰণৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা জাহাজ অতি বিৰল। বিশ্বৰ মাত্ৰ কেইখনমান দেশৰ নৌসেনাৰ হাততহে আছে এই জাহাজ।

author-image
Asomiya Pratidin
New Update
442

ডিজিটেল ডেস্ক : ভাল খবৰ। শক্তি বাঢ়িল ভাৰতীয় নৌসেনাৰ। ভাৰতীয় নৌসেনাই লাভ কৰিলে দেশত নিৰ্মাণ কৰা এখন শক্তিশালী জাহাজ।

Advertisment

শুকুৰবাৰে বিশাখাপট্টনমৰ নৌসেনাৰ ডকয়াৰ্ডত দেশৰ প্ৰথমখন থলুৱা ডিজাইনেৰে নিৰ্মাণ কৰা ডাইভিং সহায়ক জাহাজ চমুকৈ ডি এছ ভি আই এন এছ নিষ্টাৰ মুকলি কৰা হয়। উল্লেখযোগ্য যে, এই জাহাজখন নিৰ্মাণ কৰিছে হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে।

দেশত নিৰ্মিত এই জাহাজখন ৮ জুলাই ২০২৫ত কোম্পানীটোৱে ভাৰতীয় নৌসেনাক আনুষ্ঠানিকভাৱে চমজাই দিয়ে। কেইবাটাও বৈশিষ্ট্য সম্পন্ন এই জাহাজখনে সাগৰৰ গভীৰলৈ যাব পৰা ক্ষমতা আছে। 

তাৰোপৰি এই জাহাজখনে সাগৰৰ একেবাৰে তলিৰ পৰা উদ্ধাৰ অভিযান চলাব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এইধৰণৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা জাহাজ অতি বিৰল। বিশ্বৰ মাত্ৰ কেইখনমান দেশৰ নৌসেনাৰ হাততহে আছে এই জাহাজ।

উল্লেখযোগ্য যে, হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰা এই জাহাজখনৰ মুকলি অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেঠ আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী উপস্থিত থাকে। দুয়োজনে ইয়াৰ সফলতাৰ বাবে বাবে আত্মনিৰ্ভৰ ভাৰতক স্বীকৃতি দিয়ে। লগতে কয়- প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে এয়া এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব।

indian navy ভাৰতীয় নৌসেনা