/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/fc8a67d5-8ca0-4bf0-ba55-beea4b1783be/dhokuakhana_17.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমা সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ অন্তর্গত পূব ঢকুৱাখনা সমবায় সমিতিৰ ২০২২-২০২৭ বর্ষৰ সঞ্চালক মণ্ডলী নিৰ্বাচনৰ বাবে অনুষ্ঠিতব্য সাধাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়াক লৈ উত্থাপিত ব্যাপক অনিয়মৰ অভিযোগৰ তদন্ত হ'ব । সমবায় সমিতিখনৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল আৰু চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশত ব্যাপক অনিয়ম ক্ৰুটি সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ তুলি উপায়ুক্ত ,ঢকুৱাখনাৰ মহকুমাধিপতি আৰু সহকাৰী পঞ্জীয়কৰ কাৰ্য্যালয়ত শুকুৰবাৰে লিখিত অভিযোগ দাখিল কৰিছিল ।
উক্ত ৰাজহুৱা অভিযোগৰ ভিত্তিত ঢকুৱাখনা সহকাৰী পঞ্জীয়কৰ কাৰ্য্যালয়ে তদন্ত ঘোষণা কৰিছে । শনিবাৰে বিভাগীয় নিৰ্দেশনা নং চি ডি এইছ কে (জেন) ২৫/২০২২/০৩ যোগে এক তদন্তৰ ঘোষণা কৰি লখিমপুৰ জিলা উপ পঞ্জীয়কক অহা ২ দিনৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d03c0680-da2f-4fc6-99e5-62dfc7d5b0ad/69a4059d_d24a_4181_901c_2526d7df27f5.jpg)
উল্লেখ্য যে, উত্থাপিত অভিযোগ মতে মনোনয়ন পত্ৰ পৰীক্ষণ কৰা কালত একাংশ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰত "হোৱাইটনাৰ" ব্যৱহাৰ কৰি ক্ৰুটি সংশোধন কৰা , সংশোধনী সমিতিৰ অজ্ঞাতে পূৰ্বৰ পুৰণা ভোটাৰ তালিকাকে ভাৰপ্ৰাপ্ত সচিব ৰঞ্জিত পেগু, সভাপতি ভবেশ দলেয়ে খেয়াল খুচি মতে অপৰিৱৰ্তিত ৰাখি চলিত নিৰ্বাচনত ব্যৱহাৰ কৰা , নীতিগত ভাবে বাৰ্ষিক সাধাৰণ সভাত অনুপস্থিত ব্যক্তিকো অমিল স্বাক্ষৰৰে উপস্থিত থকা দেখুৱাই মনোনয়ন গ্ৰাহ্য কৰা, চূড়ান্ত পৰীক্ষণ কালত মনোনয়ন পত্ৰ গ্ৰাহ্য ঘোষিত প্ৰাৰ্থীকো পৰৱৰ্তী সময়ত অগ্ৰাহ্য ঘোষণা কৰা আদি অনিয়ম সংঘটিত কৰিছিল।
তাৰেই ভিত্তিত এই তদন্ত ঘোষণা কৰিছে বিভাগে । স্মৰ্তব্য যে, এই অনিয়ম সন্দৰ্ভত শুকুৰবাৰে এক বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত প্ৰকাশ হোৱাৰ পাছত শনিবাৰে এই তদন্ত ঘোষণা কৰা হৈছে। তদন্তৰ পাছত দাখিল কৰা প্ৰতিবেদনে অভিযোগৰ প্ৰকৃত সত্য সত্যতা পোহৰলৈ আনিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, অহা ২৫ ছেপ্টেম্বৰত সমবায় সমিতিখনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।