/asomiyapratidin/media/media_files/2025/07/23/pant-2025-07-23-23-26-18.jpg)
ডিজিটেল ডেস্ক : মানচেষ্টাৰত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত- ইংলেণ্ডৰ মাজৰ চতুৰ্থখন টেষ্ট মেচ। এই মেচত টছত জয়ী হৈ ঘৰুৱা দল ইংলেণ্ডে ভাৰতক বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। সেই অনুসৰি ভাৰতৰ হৈ ইনিংছ মুকলি কৰে কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে।
সকলো ঠিকে চলি থকাৰ মাজতে চাৰি নম্বৰ উইকেটৰ পতনৰ পাছতে ক্ৰিজলৈ আগমণ ঘটে উইকেট ৰক্ষক বেটাৰ ঋষভ পণ্টৰ। পণ্টে কিছু সময় বেটিং কৰি থকাৰ সময়তে ৬৮ অ’ভাৰৰ চতুৰ্থ সংখ্য বলটো ৰিভাৰ্ছ চুইপ কৰিবলৈ লওতেই আঘাতপ্ৰাপ্ত হয় খেলুৱৈগৰাকী।
ইয়াৰ পাছতে তেওঁ ব্যক্তিগত ৩৭ ৰান কৰি ক্ৰিজ এৰিবলৈ বাধ্য হয়। যথেষ্ট পৰিমাণে আঘাত অনুভৱ কৰা পণ্টক লগে লগে বিশেষ এম্বুলেন্সৰে খেলপথাৰৰ পৰা লৈ যায় ছাপ’ৰ্ট ষ্টাফে। ইতিমধ্যে তেওঁক ফিজিঅ’ৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে, আজিৰ এই মেচত পণ্ট আঘাতপ্ৰাপ্ত হ'লেও তেওঁ টেষ্ট ক্ৰিকেটত গঢ়ে এক কৃতিত্ব। সেয়া হৈছে টেষ্ট সংস্কৰণত তেওঁ ১,০০০ ৰান সম্পূৰ্ণ কৰে। দ্ৰুতগতিত এহেজাৰ ৰান সম্পূৰ্ণ কৰা তেওঁ প্ৰথমগৰাকী উইকেটকীপাৰ বেটাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us