বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত আঘাতপ্ৰাপ্ত স্মিথ

সদ্য সমাপ্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনত আঘাতপ্ৰাপ্ত হৈছে অষ্ট্ৰেলিয়ান বেটাৰ ষ্টিভ স্মিথ। এই মেচখনত প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শ্লিপত ফিল্ডিং কৰি থকাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হয়। 

author-image
Asomiya Pratidin
New Update
Injured Smith

ডিজিটেল ডেস্ক : সদ্য সমাপ্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনত আঘাতপ্ৰাপ্ত হৈছে অষ্ট্ৰেলিয়ান বেটাৰ ষ্টিভ স্মিথ। এই মেচখনত প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শ্লিপত ফিল্ডিং কৰি থকাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হয়। 

Advertisment

স্মিথে সোঁহাতৰ সৰু আঙুলিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে তেওঁক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা স্মিথৰ আঘাত যথেষ্ট উপশম হৈছে। 

যিহেতু স্মিথৰ আঘাত গুৰুতৰ নহয়, সেয়ে আসন্ন ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হ’ব লগা শৃংখলাত খেলাৰ সম্ভাৱনা আছে। চিকিৎসকে জনোৱা অনুসৰি দুসপ্তাহৰ পাছত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব অষ্ট্ৰেলিয়ান বেটাৰজন।

australia