/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-new-format-1-copy.jpg)
ডিজিটেল ডেস্কঃ যুদ্ধ জৰ্জৰ ইউক্ৰেনে ৩১ তম স্বধীনতা দিৱস উদযাপন কৰাৰ সময়তে ভাৰত থিয় দিছে ইউক্ৰেইনৰ পক্ষত। ছমাহ জোৰা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মীমাংস সন্দৰ্ভত ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদত ১৫ জনীয়া সদস্যৰে এক বৈঠক অনুষ্ঠিত হয়।
UNSCৰ সদস্যৰ উপস্থিত এই বৈঠকত ভাৰ্চুৱেল যোগে অংশ গ্ৰহণ কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভেলোডেমিৰ জেলেনেস্কিয়ে।উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়ান সেনাৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে ইউক্ৰেইন।
ৰাছিয়াৰ এই আক্ৰমণৰ বিৰোধিতা কেইবাখনো পশ্চিমীয়া দেশে কৰিছিল কিন্তু এই ক্ষেত্ৰত নীৰৱ ভূমিকাত আছিল ভাৰত। আন পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ সময়তো ভাৰতে নীৰৱ ভূমিকা পালন কৰিছিল সেয়ে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ভাৰত।
কিন্তু শেহতীয়া কৈ বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত প্ৰথম বাৰলৈ ৰাছিয়াৰ বিৰুদ্ধে ভোট প্ৰদান কৰিছে ভাৰতে। এই বৈঠকত ভাৰতৰ সমান্তৰালকৈ ১৩ সদস্যই ভোট দান কৰিছে ইউক্ৰেইনৰ সপক্ষে। ইফালে এই বৈঠক ভোটদানৰ পৰা চীন বিৰত থকাৰ সমান্তৰালকৈ অংশ ন'ললে ৰাছিয়াৰ সদস্যই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us