২০২৫- ২৬ বিত্তীয় বৰ্ষত ইনফ’ছিছে ইঞ্জিনীয়াৰিঙৰ ২০ হাজাৰ স্নাতক ডিগ্ৰীধাৰীক দিব নিযুক্তি

দেশৰ বিভিন্ন ৰাজ্যত থকা অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ পৰা স্নাতক ডিগ্ৰী লোৱা ছাত্ৰ- ছাত্ৰীসকলৰ বাবে আশাৰ ৰেঙণী কঢ়িয়াই আনিছে আই টি চাৰ্ভিছ সংস্থা ইনফ’ছিছে

author-image
Asomiya Pratidin
New Update
২০২৫- ২৬ বিত্তীয় বৰ্ষত ইনফ’ছিছে ইঞ্জিনীয়াৰিঙৰ ২০ হাজাৰ স্নাতক ডিগ্ৰীধাৰীক দিব নিযুক্তি

ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন ৰাজ্যত থকা অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ পৰা স্নাতক ডিগ্ৰী লোৱা ছাত্ৰ- ছাত্ৰীসকলৰ বাবে আশাৰ ৰেঙণী কঢ়িয়াই আনিছে আই টি চাৰ্ভিছ সংস্থা ইনফ’ছিছে। ইতিমধ্যে এই সংস্থাটোৱে বহুসংখ্যক ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী যুৱক- যুৱতীক সংস্থাপন প্ৰদান কৰি আহিছে। 

Advertisment

একেদৰে আগন্তুক ২০২৫-২৬ বিত্তীয় বৰ্ষটো ইনফ’ছিছে ২০ হাজাৰ ইঞ্জীনিয়াৰিংৰ স্নাতক ডিগ্ৰীধাৰীক নিযুক্তি প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে ইনফ’ছিছে নিযুক্তি দিয়া যুৱক-যুৱতীৰ সংখ্যা হ’বগৈ ৪২হাজাৰ। 

উল্লেখযোগ্য যে, ইতিমধ্যে দেশৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত কেম্পাছিংৰ বাবে যো-জা চলাইছে ইনফ’ছিছ নামৰ আই টি সংস্থাটোৱে।

Engineer