বাংলাদেশৰ পৰা হ্ৰাস পাইছে অনুপ্ৰৱেশ !

বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশৰ হাৰ হ্ৰাস পাইছে। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকৰ পিছত কমিটীৰ অধ্যক্ষ শশী থাৰুৰে এই তথ্য সদৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ পৰা হ্ৰাস পাইছে অনুপ্ৰৱেশ !

ডিজিটেল ডেস্কঃ বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশৰ হাৰ হ্ৰাস পাইছে। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকত এই তথ্য সদৰি কৰা হৈছে। বৈঠকৰ অন্তত কমিটীৰ অধ্যক্ষ তথা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত স্পষ্টকৈ উল্লেখ কৰে যে কমিটীক দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত পৰিসংখ্যাই ইংগিত দিয়ে যে বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা হ্ৰাস পাইছে। 

Advertisment

বাংলাদেশৰ সৈতে দেশৰ শেহতীয়া সম্পর্ক সন্দর্ভত আলোচনা কৰিবলৈ শুকুৰবাৰে বিশেষজ্ঞ পেনেলৰ সৈতে বৈঠকত মিলিত হৈছিল বৈদেশিক পৰিক্রমা স্থায়ী সমিতি৷ এই বৈঠকৰ বিশেষজ্ঞসকলৰ ভিতৰত আছিল প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শিৱশংকৰ মেনন, বাংলাদেশৰ প্ৰাক্তন ভাৰতীয় উচ্চায়ুক্ত ৰিভা গংগোপাধ্যায় দাস, লেফটেনেণ্ট জেনেৰেল চৈয়দ আত্তা হাছনেইন আৰু প্ৰখ্যাত শিক্ষাবিদ অমিতাভ মট্টু। 

তেওঁলোকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা স্থায়ী সমিতিৰ অধ্যক্ষ তথা কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ শশী থাৰুৰে কয় যে তেওঁলোকে অতি ভাল পৰামৰ্শ আৰু মতামত দিছে। বাংলাদেশৰ পৰা অনুপ্ৰৱেশ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত থাৰুৰে দাবী কৰে যে কমিটীয়ে লাভ কৰা তথ্যই বিগত কেইবছৰমানৰ পৰা অনুপ্ৰৱেশ হ্ৰাস হোৱাৰ ইংগিত দিয়ে। 

বাংলাদেশৰ বৰ্তমানৰ ইউনুছ চৰকাৰৰ সৈতে নতুন দিল্লীৰ সুসম্পৰ্কত এই মুহূৰ্তত কিছু উত্তেজনা দেখা গৈছে বুলিও আজিৰ বৈঠকত উত্থাপন কৰে স্থায়ী সমিতিৰ একাংশ সদস্যই। ইয়াৰ উত্তৰত বিশেষজ্ঞসকলে কয় যে চিন্তাৰ বিশেষ কাৰণ নাই। বাংলাদেশৰ মৌলবাদী শক্তি যিয়েই নহওক কিয়, পাকিস্তানৰ দৰে নহয়। তাত থকা সেনাবাহিনীও ইমান উগ্ৰ নহয়।

ইয়াৰ উপৰিও আজিৰ বৈঠকত বাংলাদেশ, পাকিস্তান আৰু চীনৰ মাজত সামগ্ৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। কিন্তু বাংলাদেশৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ বিষয়টো বিশেষভাৱে লক্ষণীয়। বাংলাদেশৰ সৈতে ভাৰতৰ পশ্চিমবংগৰ সৰ্বাধিক সীমা ভাগ কৰিছে। কেন্দ্ৰই দাবী কৰি আহিছিল পশ্চিমবংগৰ সীমান্তৰেই ভাৰতলৈ সৰ্বাধিক অনুপ্ৰৱেশ হয়। 

ইফালে অসম সীমান্তত যোৱা সময়ছোৱাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ফলত বহু অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে। এনে তথ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সঘনে উল্লেখ কৰি আহিছে। অভিযোগ অনুসৰি বহু বাংলাদেশীয়ে পথেৰে সীমান্ত পাৰ হৈ বংগত আশ্ৰয় লৈ আহিছিল। কিন্তু শুকুৰবাৰৰ বৈঠকত এই তথ্য খাৰিজ কৰা হৈছে। তেওঁলোকৰ মতে  সামগ্ৰিকভাৱে অনুপ্ৰৱেশ হ্ৰাস পাইছে। 

বাংলাদেশ অনুপ্ৰৱেশ