মাত্ৰ তিনি মাহত অসম, ৰাজস্থান, বিহাৰকে ধৰি ৮খন ৰাজ্যই লাভ কৰিছে ৯৭লাখ কোটি টকাৰ বিনিয়োগ...

২০২৫ চনৰ মাত্ৰ প্ৰথম দুমাহত ছয়খন ৰাজ্য – কৰ্ণাটক, পশ্চিম বংগ, কেৰালা আৰু অসম আৰু আন চাৰিখন ৰাজ্যই এনে অনুষ্ঠানৰ আয়োজন কৰিছে আৰু ৬০.৫ লাখ কোটি টকাৰ মুঠ বিনিয়োগৰ প্ৰস্তাৱৰ সাক্ষী হৈছে।

author-image
Asomiya Pratidin
New Update
bini

ডিজিটেল ডেস্কঃ অভিলেখ সংখ্যক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে সামৰণি পৰে মধ্যপ্ৰদেশৰ দুদিনীয়া বিশ্ব বিনিয়োগকাৰী সন্মিলন।  এই সন্মিলনৰ পাছতে মধ্য প্ৰদেশ চৰকাৰে গৌৰৱেৰে ঘোষণা কৰে যে বিশ্ব আৰু ঘৰুৱা কোম্পানীসমূহে ২৬.৬১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, এই ধনৰাশিৰ পৰিমাণ  ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) আকাৰৰ হুবহু দুগুণ। জানুৱাৰী মাহৰ শেষৰ ফালে দেশৰ অন্যতম খনিজ সমৃদ্ধ ৰাজ্য ওড়িশাই নিজৰ উদীয়মান উৎপাদন খণ্ডৰ ওপৰত ডাঙৰ বাজি মাৰিছিল, উত্তৰকাৰ্শ ওড়িশা কনক্লেভৰ পিছত ১২.৮৯ লাখ কোটি টকা (ইয়াৰ অৰ্থনীতিৰ ১.৪ গুণ) বিনিয়োগৰ প্ৰতিশ্ৰুতিও লাভ কৰিছিল দেশখনে।

২০২৫ চনৰ মাত্ৰ প্ৰথম দুমাহত ছয়খন ৰাজ্য – কৰ্ণাটক, পশ্চিম বংগ, কেৰালা আৰু অসম আৰু আন চাৰিখন ৰাজ্যই এনে অনুষ্ঠানৰ আয়োজন কৰিছে আৰু ৬০.৫ লাখ কোটি টকাৰ মুঠ বিনিয়োগৰ প্ৰস্তাৱৰ সাক্ষী হৈছে।  ২০২৪ চনৰ ডিচেম্বৰ মাহত ৰাজস্থান আৰু বিহাৰত এনে বিনিয়োগকাৰী আগবাঢ়ি আহিছিল। এই আঠখন ৰাজ্য একেলগে মাত্ৰ তিনিমাহতে ৯৭ লাখ কোটিৰো অধিক মূল্যৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। 

ভাৰতীয় অৰ্থনীতি